প্ৰাচীন কালৰ পৰাই হাজো লোক-উৎসৱৰ ফালৰ পৰা অতি চহকী অঞ্চল।হাজোত বিভিন্ন লোক-উৎসৱৰ পৰম্পৰা চাৰিওফালে সিচৰিত হৈ আছে। ইয়াৰ ভিতৰত এটি উল্লেখযোগ্য উৎসৱ হল “চ’ৰেই বৰাত”বা”চৰাই পূজা”।এই ব্ৰতক “কাত্যায়নী ব্ৰত বুলিও কোৱা হয়।স্থানীয় গীও-মাতেৰে এই উৎসৱটি অতি চহকী। “চৰাই পূজা” আঘোণ মাহৰ পূৰ্ণিমা তিথি অৰ্থাৎ মহ’হোৰ দিনা উদযাপন কৰা হয়।আদিতে অকুমাৰী ছোৱালীবিলাকে বোৱতী নৈৰ পাৰত এই পূজা ভাগ অনুস্থিত কৰিছিল।ৰাধা আৰু গোপী সকলে হেনো শ্ৰীকৃষ্ণক পতি ৰূপে পাৱলৈ যমুনা নৈৰ পাৰত গৌৰীব্ৰত পালন কৰিছিল। এই পুজাভাগো তাৰে এটি ৰূপ বুলি পুৰণি কালৰ পৰাই এক প্ৰৱচন চলি আহিছে।তেতিয়াৰ পৰাই মনোমত স্বামী পাৱলৈ এই ব্ৰতৰ প্ৰচলন হৈ আহিছে।ব্ৰত কৰা ছোৱালীবোৰক গোপী বুলি কোৱা হয়।গোপীসকলে পুজাৰ কিছুদিন আগৰ পৰাই এবিধ বিশেষ মাটিৰে বিভিন্ন ধৰণৰ চৰাই তৈয়াৰ কৰে।এযোৰ এযোৰকৈ চৰাই বাঁহৰ শলাত বিন্ধাই ৰ’দত শুকাই টান কৰি লয় আৰু কিছুমান সৰু সৰু আকৃতিৰ চৰাই একেলগে তৈয়াৰ কৰি মাটিৰ চেপেটা আকৃতিৰ লাৰু কৰি বাহৰ শলাত বিন্ধাই দিয়ে।এইটোক চৰাইৰ জুম বা জুমুৰি কয়।চৰাইবোৰত প্ৰাকৃতিক ভাৱে ৰঙ বোলোৱা হয়।চাউলৰ গুৰিত জুবুৰিয়াই বগা কৰি লোৱা হয়,তাৰ পিছত পুই শাকৰ গুটিৰ ৰঙ,হালধী,সেন্দুৰ আদিৰে সুন্দৰকৈ ৰং দি চৰাইবোৰ দেখিৱলৈ ধুনীয়া কৰি লোৱা হয় আৰুএই জুমুৰিবোৰকে অৰ্থাৎ চৰাইবোৰকে পূজা কৰা হয়।
এই ব্ৰতৰ আৰু দুবিধ প্ৰয়োজনীয় সামগ্ৰী হ’ল “সোভেৰী” আৰু “চৰাই ফুল”। সোভেৰী হ’ল এটি মণিকুট আকৃতিৰ অকণমানি সৰু গৃহ যাক কলগছ আৰু বাঁহেৰে তৈয়াৰ কৰি লোৱা হয়। আজি-কালি অৱেশ্যে ইয়াক ৰঙচঙীয়া কাগজেৰে আটকধুনীয়াকৈ তৈয়াৰ কৰি লোৱা হয়।সোভেৰীক কিছুমানে আকৌ সাজো বুলি ও কয়। এই সাজোক লৈ স্থানীয় ভাষাত অতি মনোমোহা গীত-মাতৰো প্ৰচলন আছে।যেনে-
“আমাৰ সাজো আমাৰ সাজো অ“আমাৰ সাজো সৰু অৰূপে জিলমিল কৰে চোতালেআমাৰ সাজোই কান্দবে লাগছিসোণিৰ সাৰু লাগে অৰূপে জিলমিল কৰে চোতালে”।
সোভেৰীৰ চাৰিওফালে “চৰাই ফুলৰ ঠানিৰে সজাই দিয়া হয়।সৰু সৰু ৰঙা ৰঙৰ ফুলবিধ দেখিৱলৈ বৰ শুৱনি।এই “চৰাই ফুল”ক লৈয়ো সুন্দৰ গীত ৰচিত হৈছে।যেনে-
“আজিহে চ’ৰেই ফুল চিকিনে- মিকিনেঅ’ত ৰাতি আছিলা কতঅ’ত ৰাতি আছিলো মই কেদাৰৰ পাহাৰতগোপী সবে নমাইলা মোক”।।
পূজাৰ আগদিনাখনৰ পৰাই গোপীসকলে গধুলী হবিচান্ন কৰি পিছদিনা উপবাসে থাকি এই ব্ৰত কৰা নিয়ম। এই পূজাখনত কাত্যায়নী দেৱীক পূজা কৰা হয়।দূৰ্গা পূজা এখনত যিমান পূজাৰ সামগ্ৰীৰ প্ৰয়োজন এই পূজাভাগতো সিমান খিনি সামগ্ৰীৰ প্ৰয়োজন হয়।হোমৰ আহুতি প্ৰদান কৰি এই পূজা ভাগ সমাপ্ত কৰা হয়।পূজা ভাগ সন্ধিয়াৰ পিছত হে অনুস্থিত কৰা হয়। সম্পুৰ্ণ বৈদিক আৰু মাঙ্গলিক নিয়মেৰে এই ব্ৰত পালন কৰিব লাগে।পূজাৰ শেষত “সোভেৰী”টো বোৱতী পানীত উটুৱাই দিয়াৰ নিয়ম।অকুমাৰী ছোৱালী এজনীয়ে “সোভেৰী”টো মুৰত লৈ গৈ পানীত সেৱা কৰি উটুৱাই দিয়ে।”সোভেৰী” লোৱা গোপী জনীক লৈও কিছুমান গীত প্ৰচলন আছে।যেনে-
“ঔৰ তলে তলে ঝিৰ ঝিৰ পানীকাৱৈ মাছটো ধৰিছে উজেনীকাৱৈ মাছটোক ভালকৈ কছাসোভেৰী অতাৱাক ভাত খাবা যাচামাতাঁওতে মাতাঁওতে বহিল পাটোতপ্ৰথমোৰ গৰাহোত বজিল কাটা
আনি দিয়ৰে টেঙা দৈ গলোৰ কটা যাক বৈআনি দিযৰে পকা কল গলো কাটা যাক তল”।।এনে ধৰণে বিভিন্ন ৰঙ-ধেমালি কৰি এই ব্ৰত অতি প্ৰাচীন কালৰে পৰাই পালন কৰি অহা হৈছে আৰু বৰ্তমানেও আঘোণৰ পূৰ্ণিমাৰ নিশা হাজো অঞ্চলৰ চাৰিওফালে অতি উলহ-মালহেৰে এই” চ’ৰেই বৰাত ” বা “চৰাই পূূজা ” অনুষ্ঠিত হৈ আহিছে।