Tragic accident in Tihu: টিহুত পথ দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু

টিহু, ২৫ ছেপ্টেম্বৰ: মঙলবাৰে পুৱাৰ ভাগত টিহু নগৰৰ উন্মুক্ত নলাত পৰি নৱম শ্ৰেণীৰ শিক্ষাৰ্থী এগৰাকী নিহত হোৱা ঘটনাই সমগ্ৰ টিহু অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে(Tragic accident in Tihu) ৷ ঘটনাৰ বিৱৰণী অনুসৰি পুৱাৰ ভাগত টিহুৰ শংকৰদেৱ বিদ্যা নিকেতন(Shankardev Vidya Niketan)ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থী ভাস্বতী কলিতাই এগৰাকী শিক্ষকৰ ওচৰত টিউচনৰ পাঠ গ্ৰহণ কৰি ডাগা মিল আৰু টিহুৰ এফআৰইউ চিকিৎসালয় সংযোগী পথেৰে(Tihu FRU Hospital road) এ এছ-১৪ এন-১১০২ নম্বৰৰ এখন স্কুটীৰে ঘৰলৈ উভতি যোৱাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ নলাত বাগৰি পৰে ৷

দুৰ্ঘটনাথলীৰ ওচৰ-চুবুৰীয়াই লগে লগে টিহুৰ এফআৰইউ চিকিৎসালয়লৈ নিয়াত ডাক্তৰে নলবাৰী(Nalbari Hospital)লৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হয়(Tragic accident in Tihu) ৷ মৃত শিক্ষাৰ্থীগৰাকীৰ ঘৰ টিহুৰ ৰণাকুছি গাঁৱত আৰু গাঁওখনৰ গাঁওপ্ৰধান বাপন কলিতা আৰু সংগীতা কলিতাৰ প্ৰথমা জীয়াৰী আছিল ৷

বুদ্ধিমতী এই শিক্ষাৰ্থীগৰাকী নাট্যাভিনয় আৰু কবিতা আবৃত্তিত বিশেষ পাৰদৰ্শী আছিল ৷ শিক্ষাৰ্থীগৰাকীৰ আকস্মিক মৃত্যুত টিহুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ শিক্ষাৰ্থীবৰ্গ, শিক্ষক-কৰ্মচাৰীবৃন্দৰ লগতে ৰণাকুছি গাঁও উন্নয়ন সমিতিৰ বিষয়ববীয়া, টিহু ৰাজহ চক্ৰ গাঁওপ্ৰধান সমিতি আৰু গাঁওবাসীয়ে গভীৰ শোক প্ৰকাশ কৰিছে ৷

এই শোকাৱহ ঘটনা ঘটাৰ পিছত ৰাইজে চৰকাৰৰ ওচৰত নগৰৰ উন্মুক্ত নলাবোৰৰ ওপৰত ঢাকনি দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৷

Related Articles