Man kills wife and lover: অবৈধ সম্পৰ্কৰ সন্দেহত পত্নী আৰু প্ৰেমিকক হত্যা কৰি নিজেও কৰিলে আত্মহত্যা

বেংগালুৰু, ১৯ অক্টোবৰ: কৰ্ণাটকৰ বেংগালুৰুত পত্নী আৰু প্ৰেমিকক প্ৰহাৰ কৰি হত্যা কৰাৰ পাছতে লোকজনেও কৰিলে আত্মহত্যা(Bengaluru man kills wife and lover) । বৃহস্পতিবাৰে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমক জনালে সবিশেষ ।

আৰক্ষীয়ে উল্লেখ কৰা মতে, বেংগালুৰুৰ ক’নাংকন্টে থানা এলেকাৰ অন্তৰ্গত সোমেশ্বৰ কলনীৰ এটা নিৰ্মাণৰত অট্টালিকাত গোলাবাবু (৪১) নামৰ এজন লোকে তেওঁৰ পত্নী লক্ষ্মী (৩৩) আৰু গণেশ কুমাৰ (২০) নামৰ এজন যুৱকক লাঠিৰে প্ৰহাৰ কৰি হত্যা কৰে । দুয়োকে হত্যা কৰাৰ পিছতে তেওঁ নিজেও কৰিলে আত্মহত্যা(Tragic Bengaluru Incident) ।

আৰক্ষীয়ে জনোৱা মতে, মৃত তিনিওজনেই অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা আছিল । কিছু বছৰ ধৰি তিনিওজনেই বেংগালুৰুত নিৰ্মাণ কাৰ্য্যত(Construction workers) নিয়োজিত হৈ আছিল। বেংগালুৰুৰ দক্ষিণ সংমণ্ডলৰ ডিচিপি লোকেশ বি জগলাছাৰে সংবাদ মাধ্যমক কয় যে, গণেশৰ সৈতে তেওঁৰ লক্ষ্মীৰ অবৈধ সম্পৰ্ক(Extramarital affair) থকা বুলি গোলাবাবুৱে পূৰ্বৰে পৰা সন্দেহ কৰি আহিছিল।

উপ আৰক্ষী আয়ুক্তগৰাকীয়ে উল্লেখ কৰা অনুসৰি, বুধবাৰে নিশা গোলাবাবুৱে লক্ষ্মী আৰু গণেশ দুয়োকে একেলগে প্ৰত্যক্ষ কৰিছিল। ইয়াৰ পিছতেই খঙত অগ্নিশৰ্মা হৈ দুয়োকে লাঠিৰে প্ৰহাৰ কৰি হত্যা কৰে । ঘটনাটো সংঘটিত কৰাৰ পিছতে লক্ষ্মীৰ ভগ্নীক ফোন কৰি হত্যাকাণ্ডৰ বিষয়ে অৱগত কৰি লোকজনে নিজেও আত্মহত্যা কৰিব বুলি অৱগত কৰে ।

আৰক্ষীয়ে জনোৱা অনুসৰি(Bengaluru police), বুধবাৰে ঘটনাটো সংঘটিত কৰি বৃহস্পতিবাৰে পুৱাই গোলাবাবুৱেও আত্মহত্যা কৰে। ঘটনা সন্দৰ্ভত কনাংকন্টে থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু অধিক তথ্য উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।

শেহতীয়াকৈ অলপতে বেংগালুৰুত একেধৰণৰ আন এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছিল । ১৪ অক্টোবৰত আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, যোৱা সপ্তাহত বেংগালুৰুৰ য়েদিয়ুৰাপ্পা নগৰত এহাল দম্পতী আৰু তেওঁলোকৰ দুটা নিৰীহ সন্তানক তেওঁলোকৰ ঘৰতে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। আৰক্ষীৰ তদন্ত অনুসৰি, পত্নী আৰু সন্তানক হত্যা কৰাৰ পাছত লোকজনেও নিজে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে।

Related Articles