Breaking

বিলাসীপাৰা মহকুমাৰ টিলাপাৰাত শোকাৱহ ঘটনা ! ঘৰৰ কাষত জমা হৈ থকা বাৰিষাৰ পানীত পৰি কৰুণ মৃত্যু প্ৰথম শ্ৰেণীৰ কণমানি ছাত্ৰৰ…

0 19

বিলাসীপাৰা মহকুমাৰ টিলাপাৰাত শোকাৱহ ঘটনা। ঘৰৰ কাষত জমা হৈ থকা বাৰিষাৰ পানীত পৰি কৰুণ মৃত্যু প্ৰথম শ্ৰেণীৰ কণমানি ছাত্ৰৰ। টিলাপাৰাৰ কামাৰডিহি দ্বিতীয় খণ্ড গাঁৱত সংঘটিত হৈছে এই মৰ্মান্তিক হৃদয়বিদাৰক ঘটনা। মৃত শিশুজন কামাৰডিহি দ্বিতীয় খণ্ড গাঁৱৰ লুতফৰ ৰহমানৰ পুত্ৰ জাকিৰ হুছেইন (৬) বুলি জানিবপৰা

গৈছে। জাকিৰ হুছেইনে ভাতৃৰ সৈতে খেলি থকা অবস্থাত ঘৰৰ কাষত জমা হৈ থকা বাৰিষাৰ গভীৰ পানীত পৰিছিল। ততাতৈয়াকৈ জাকিৰৰ ভাতৃয়ে জাকিৰক পানীৰ পৰা উঠাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল যদিও বিফল হৈছিল। পিছত জাকিৰৰ ভাতৃয়ে খবৰ দিছিল ঘৰৰ মানুহক। ঘৰৰ মানুহে দৌৰি গৈ জাকিৰ হুছেইনক উদ্ধাৰ কৰিছিল যদিও জাকিৰৰ অবস্থা অতি সংকটজনক আছিল। লগে লগে জাকিৰ হুছেইনক লৈ যোৱা হৈছিল ওচৰৰ চিকিৎসালয় লৈ।

কিন্তু চিকিৎসকে শিশু জাকিৰক দেখি মৃত বুলি ঘোষণা কৰে। জাকিৰ হুছেইন টিলাপাৰা জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ বুলি জানিৱ পৰা গৈছে। পিছত খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় শালকোচা আৰক্ষীৰ দল। কণমানি ছাত্ৰ জাকিৰ হুছেইনৰ সলিল সমাধিৰ এই হৃদয়বিদাৰক ঘটনাই শিশুজনৰ পৰিয়ালৰ লগতে সমগ্ৰ কামাৰডিহি গাঁৱত সৃষ্টি কৰিছে শোকাকুল পৰিৱেশ।

বিলাসী পাৰাৰ পৰা ছুৰুত জামানৰ ৰিপোৰ্ট।।

Leave A Reply

Your email address will not be published.