Breaking

মানিকপুৰত শোকাবহ পথ দূৰ্ঘটনা

0 2,017

মানিকপুৰত শোকাবহ পথ দূৰ্ঘটনা ।টাটা মেজিক আৰু বাইকৰ মুখামুখি সংঘৰ্ষ। থিতাতে নিহত এজন বাইক আৰোহী।
শুক্ৰবাৰে বিজয়ী দশমীৰ দিনটোতে মানিকপুৰৰ ২নং পাটকাটাত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়।বাইক আৰু টাটা মেজিকৰ মুখামুখি সংঘৰ্ষত সৰভোগৰ বাসু ঘোষ নামৰ বাইক আৰোহী জন থিতাতে নিহত হয় ।আশীষ চক্ৰৱৰ্তী নামৰ আন জন বাইক আৰোহী গুৰুতৰ ভাৱে আহত হয়।জানিব পৰা মতে এখন বাইকত তিনি জনকৈ আহি থকাৰ সময়তে টাটা মেজিকৰ লগত মুখামুখি সংঘৰ্ষ হয়। বাইক আৰোহী এজন পলায়ন কৰে। তিনিও সৰভোগৰ লোকনাথ সংঘৰ সদস্য বুলি জানিব পৰা গৈছে। আহত এজনক প্ৰথমে মানিকপুৰ পিছত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও প্ৰেৰণ কৰা হয়।

Leave A Reply

Your email address will not be published.