Breaking

প্ৰশিক্ষণৰত আই এ এছ বিষয়াৰ মাতৃৰ কৃষকক ভাবুকি ! ফোন অফ কৰি পলাতক অভিযুক্ত…

0 32

৩৪ বছৰীয়া এগৰাকী আই এ এছ বিষয়া পূজা খেডকাৰ। ২০২৩ বৰ্ষত খেডকাৰে ইউ পি এছ ছি পৰীক্ষাত উত্তীৰ্ণ হৈ সম্প্ৰতি প্ৰশিক্ষণৰত অৱস্থাত আছে। কিন্তু, প্ৰশিশণৰত অৱস্থাত থাকোতেই ক্ষমতাৰ অপ-প্ৰয়োগৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে পূজাৰ পিতৃ-মাতৃৰ বিৰুদ্ধে। উত্তাপিত অভিযোগ অনুসৰি এজন কৃষকক মৃত্যু ভাবুকি প্ৰদান কৰিছিল পূজাৰ মাতৃয়ে। ইতিমধ্যে প্ৰশিক্ষাৰ্থী আই এ এছ পূজা খেডকাৰৰ অভিভাৱকৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। গোচৰ ৰুজু হোৱাৰ পিছতেই পলাতক অৱস্থাত আছে পূজাৰ অভিভাৱক।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে আই এ এছ বিষয়াগৰাকীৰ অভিভাৱকে চুইচ অফ কৰি ৰাখিছে ব্যৱহাৰ কৰি থকা ফোন নম্বৰো। অন্যহাতে এক ভাইৰেল ভিডিঅ’ত প্ৰশিক্ষাৰ্থী আই এ এছ বিষয়া পূজা খেডকাৰৰ মাতৃ মনোৰমা খেডকাৰে আগ্নেয়াস্ত্ৰ লৈ থকা পৰিলক্ষিত হৈছে। আৰক্ষী বিষয়াই সংবাদমাধ্যমক অৱগত কৰা অনুসৰি অভিযুক্ত পলাতক হৈ থকাৰ লগতে ফোন চুইচ অফ হৈ থকাৰ বাবে অভিয়ুক্তৰ ওচৰ চাপিব পৰা নাই আৰক্ষী। এই কথা উল্লেখ কৰিছে তদন্তকাৰী আৰক্ষী বিষয়া তথা পুনে (গ্ৰাম্য)ৰ আৰক্ষী অধীক্ষক পংকজ দেশমুখে।

কৃষকজনৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু হোৱা গোচৰত ৭জন লোকৰ নাম উল্লেখ কৰিছে। এই ৭ জনৰ ভিতৰত আই এ এছ বিষয়াগৰাকীৰ মাতৃ মনোৰামা আৰু পিতৃ দিলীপ খেডকাৰ অন্যতম। অন্যহাতে স্থানীয় অন্য এজন লোকেও প্ৰশিক্ষণৰত আই এ এছ বিষয়াগৰাকীৰ মাতৃ মনোৰমা খেডকাৰে তেওঁক ভাবুকি দিয়া বুলি দাবী কৰিছে।

Leave A Reply

Your email address will not be published.