Breaking

কাজিৰঙাত অসম প্ৰকাশন পৰিষদৰ অনুবাদ কৰ্মশালা…

0 48

ব্যাকৰণসিদ্ধ এটি ভাষাৰ পৰা আন এটি ভাষালৈ সাহিত্য নাইবা ঐতিহাসিক বিষয় সম্ভাৰ অনুবাদ কৰোতে সংশ্লিষ্ট ভাষাৰ কাৰিকৰী স্তৰ অতিক্ৰমৰ কৌশল কি হ’ব পাৰে ? শব্দৰ বিভ্ৰাট , শব্দৰ অভাৱ অন্তৰায় হ’লে এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদৰ বাবে উপুযক্ত অৰ্থ সন্ধানৰ কি পদ্ধতি অৱলম্বন কৰা উচিত ? কেনেকুৱা প্ৰণালীৰ আধাৰত অনুবাদ কৰ্ম সৃষ্টিশীল মৌলিকতালৈ উন্নীত হ’ব পাৰে ?—— এনে বিভিন্ন প্ৰশ্ন , বিষয় আৰু প্ৰসংগৰ উত্থাপন তথা এই সমস্যা সমাধানৰ পথ সন্ধানৰ মাজেৰে আকৰ্ষণীয় হৈ পৰিছে কাজিৰঙাৰ কঁহৰাস্থিত “অৰণ্য টুৰিষ্ট ল’জ”ত অসম প্ৰকাশন পৰিষদে অনুষ্ঠিত কৰা অনুবাদ কৰ্মশালাত ৷

ভাষা- সাহিত্যৰ প্ৰসাৰৰ লক্ষ্যৰে আয়োজন কৰা এই কৰ্মশালাত অংশগ্ৰহণ কৰা সমল ব্যক্তি আৰু প্ৰশিক্ষাৰ্থীসকলে এই ক্ষেত্ৰত বিভিন্ন দিশ আলাপ-আলোচনাৰ মাজেৰে অনুবাদ কৰ্মলৈ নতুনত্ব অনাৰ প্ৰয়াস মনকৰিবলগীয়া ৷ বিগত দুদিনত বিশিষ্ট অভিধান প্ৰণেতা , অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা , বিশিষ্ট বিজ্ঞানী , লেখক-অনুবাদক ড° দীনেশ চন্দ্ৰ গোস্বামী, বিশিষ্ট অনুবাদক-লেখক , প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক নীৰেন্দ্ৰ নাথ ঠাকুৰীয়া , বিশিষ্ট লেখক-অনুবাদক, বড়ো সাহিত্য সভাৰ উপ-সভাপতি প্ৰশান্ত বড়োৱে এই কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি সংশ্লিষ্ট বিষয়ত প্ৰশিক্ষাৰ্থীসকলক অনুবাদৰ ব্যাকৰণিক আৰু কাৰিকৰী কৌশলৰ বিষয়ে অৱগত কৰায় ৷ আজি ইয়াত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে বাংলা সাহিত্য সভা অসমৰ সাধাৰণ সম্পাদক, বিশিষ্ট লেখক-অনুবাদক, কটন বিশ্ববিদ্যালয়ৰ বাংলা ভাষা বিভাগৰ অধ্যাপক ড° প্ৰশান্ত চক্ৰৱৰ্তীয়ে ৷ তেওঁ কয় যে সকলো কথা, সকলো বস্তু অনুবাদ কৰাটো সম্ভৱ নহয় ৷ সেইবোৰ জোৰকৈ অনুবাদ কৰিবলৈ যোৱা উচিত নহয়৷
আমাৰ বাবে গৌৰৱৰ কথা যে পূৰ্ব ভাৰতেই হৈছে সেই ঐতিহ্যমণ্ডিত ঠাই য’ত ৰামায়ণৰ প্ৰথম অনুবাদ হৈছিল৷ আনকি গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে আমাক যিমান অৰিহণা দি থৈ গ’ল তাৰ পৰা অনুবাদৰ বিষয়ে বহু কথা শিকিবলগীয়া আছে৷ ইয়াত আছে গৱেষণাৰ থল ৷
ড° চক্ৰৱৰ্তীয়ে বিষয় প্ৰসংগত এইদৰেও কয়—“ধ্ৰুপদী অসমীয়া সাহিত্যৰ কথা এতিয়াও বহুতেই নাজানে ৷ তাৰ কাৰণ হৈছে পৰ্যাপ্ত অনুবাদৰ অভাৱ ৷ তদুপৰি বিভিন্ন সমাজত সহজভাৱে প্ৰচলিত , মান্যৰূপত ব্যৱহৃত কিছুমান শব্দ আন ঠাইত বা সমাজত অপশব্দ বা অকথ্য শব্দৰূপে পৰিচিত ৷

এনে শব্দৰ অনুবাদৰ ক্ষেত্ৰত বহুত সাৱধান হ’বলগীয়া হয়৷ এইক্ষেত্ৰত সাংস্কৃতিক পৰিপ্ৰেক্ষাৰ দিশটো কেৱল প্ৰাসংগিকেই নহয়, অতি গুৰুত্বপূৰ্ণ৷ কাৰণ কোনো সংস্কৃতিৰ অপশব্দ আন সংস্কৃতিত গ্ৰহণযোগ্য আৰু সুলভভাৱে প্ৰচলিত ৷”
অনুবাদ কৰ্মশালাই দুটা ভাষাত শব্দবোৰৰ পৰিভাষা উদ্ভাৱনত সহায় কৰে বুলি সদৰী কৰি তেওঁ লগতে কয় যে অনুবাদ কেৱল এক সাহিত্য কৰ্মই নহয়; এয়া সমাজৰ বাবে আগ বঢ়াব পৰা গুৰুত্বপূৰ্ণ বৌদ্ধিক সেৱা ৷ অনুবাদৰ জৰিয়তে বিভিন্ন ভাষিক-সমাজৰ মাজত সাহিত্য-সংস্কৃতিৰ মাজেৰে বিশ্বমাত্ৰিক সমন্বয় গঢ় লৈ উঠে ৷ অসম প্ৰকাশন পৰিষদৰ এই কাৰ্যসূচীক গভীৰ আশাব্যঞ্জক বুলি অভিহিত কৰি তেওঁ উল্লেখ্য যে ডেৰকুৰিৰো অধিক লেখক-অনুবাদকে অংশগ্ৰহণ কৰা এই কৰ্মশালাত ডক্টৰ মুকুণ্ডমাধৱ শৰ্মাৰ ‘হিতোপদেশ’, ডক্টৰ ৰাজেন্দ্ৰ কুমাৰ ভূঞাৰ ‘ঈছপৰ সাধু’, ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰ ‘অসম দেশৰ সাধু’, প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ ‘বুধিয়ক কোন’, ডক্টৰ বাণীকান্ত কাকতিৰ ‘পখিলা’, মহিম বৰাৰ ‘বত্ৰিছ পুতলাৰ সাধু’ অসমীয়াৰ পৰা বড়াে আৰু বাংলা ভাষালৈ অনুবাদ কৰা হ’ব৷

Leave A Reply

Your email address will not be published.