Breaking

ব’হাগত কুৰিৰো অধিক মঞ্চত বিহুৰ দ্বাৰা ব্যতিক্ৰমী পথ-সুৰক্ষা অনুষ্ঠান পৰিবহণ বিভাগৰ

0 32

প্ৰতিটো ৰাতিপুৱাতে দিনটো বিপদমুক্তভাৱে, সুকলমে পাৰ হ’বলৈ আমি প্ৰাৰ্থনা কৰোঁ, মন স্থিৰ কৰোঁ। এই প্ৰাৰ্থনাত দিনটোত যান-বাহনেৰে যাতায়াত কৰোতে একান্তই মানি চলিবলগীয়া সুৰক্ষাকো অগ্ৰাধিকাৰ দিব লাগিব। কিয়নো দেহা থাকিলেহে বেহা। দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা হ্ৰাস কৰাৰ লগতে সৰু-সুৰা কোনো দুৰ্ঘটনাই যাতে অমূল্য মানৱসম্পদত আঘাত কৰিব নোৱাৰে তাৰবাবে জনমানসত পথ-সুৰক্ষাক হৃদয়ৰ আহ্বান আৰু নৈতিক দায়িত্ব হিচাপে গ্ৰহণ কৰিব পাৰিলেহে অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিব পৰা যাব।

এই মন্তব্য ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ ৷ উল্লেখ্য যে, পৰিবহণ বিভাগে ৰাইজৰ কল্যাণৰ বাবে আগবঢ়োৱা পথ-সুৰক্ষাৰ বাণীসমূহ কলা-সংস্কৃতিৰ লগত জড়িত কৰি সাংস্কৃতিক কৰ্মীৰ দ্বাৰা ব’হাগৰ আনন্দ স্ফূৰ্তিৰ মাজতে সমাজৰ সৰ্বস্তৰলৈ আগবঢ়াই নিয়াৰ ব্যতিক্ৰমী প্ৰচেষ্টা চলোৱা হয়। ইয়াৰ বাবে পথ-সুৰক্ষাৰ নীতি-নিয়মৰ আধাৰত বিশেষভাৱে প্ৰস্তুত কৰা গান,আলেখ্য, চুটিছবি, নাটক, বিহু-হুচৰি আদি পৰিৱেশন কৰি সেইসমূহ যাতে মানুহৰ মন-মগজুত অহৰহ বাজি থাকিব পাৰে তাৰ প্ৰয়াস কৰা হয় ।

এই উদেশ্যে গোটেই ব’হাগ মাহটোত অবিভক্ত কামৰূপ জিলাৰ কুৰিৰো অধিক বিহুমঞ্চৰ আমন্ত্ৰণত পৰিবহণ বিভাগে ব্যতিক্ৰমী অনুষ্ঠানসমূহ পৰিৱেশন কৰে। ব’হাগৰ শেষৰটো দেওবাৰৰ দিনৰ ভাগত মহানগৰীৰ দীঘলী পুখুৰিৰ শান্তি উদ্যানত অনুষ্ঠিত সাংবাদিকৰ মুকলি বিহু অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে পথ-সুৰক্ষা সজাগতাত বিগত সময়ত সাংবাদিকসকলে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনাগত দিনতো পথ-সুৰক্ষাৰ নীতি-নিৰ্দেশনাসমূহ সমাজৰ সৰ্বস্তৰলৈ আগবঢ়াই নি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰিবলৈ তেওঁ সবিনয়ে আহ্বান জনায়।

একেদিনাই সন্ধিয়ালৈ মহানগৰীৰ কৃষ্ণনগৰ ব’হাগী উৎসৱ আৰু ক্ষেত্ৰীৰ উলুৱনি ব’হাগী উৎসৱৰ মঞ্চত উপস্থিত হৈ হাজাৰ হাজাৰ ৰাইজক উদ্দেশ্যি পথ-সুৰক্ষাৰ বাণীসমূহ যিকোনো সময়তে একো একোটা গানৰ কলিৰ দৰে গুণগুণাই থাকিবলৈ সকলোলৈকে আহ্বান জনায় । লগতে পথ-সুৰক্ষাৰ নীতি-নিয়মৰ আধাৰত বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীৰ পৰিকল্পনা আৰু চিত্ৰনিৰ্মাতা চন্দ্ৰশেষৰ দাসৰ পৰিচালনাত বিশেষভাৱে প্ৰস্তুত কৰা বিহু-হুচৰিৰে পাৰ্যমানে সজাগতা সৃষ্টি কৰা হয়। গোটেই ব’হাগ মাহটোত কুৰিৰো অধিক বিহু মঞ্চত পথ-সুৰক্ষাক এক সহজাত সংস্কৃতি হিচাপে গঢ়ি তোলাৰ বাবে চলোৱা প্ৰচেষ্টাৰ অংশ হিচাপে যোৱা শনিবাৰ আৰু দেওবাৰে পাথৰকোঁৱাৰী আৰু তৰুণ নগৰ ৰঙালী বিহু উৎসৱতো উপস্থিত থাকে পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকী । ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যাতায়াত কৰাৰ পৰা তৰুণ প্ৰজন্মকে ধৰি বৃদ্ধাৱস্থাৰ লোকসকলে পথ, যাতায়াতত সন্মুখীন হ’বপৰা বিভিন্ন অসুবিধা আৰু ইয়াৰ সমাধান, সুৰক্ষাৰ বাবে গ্ৰহণ কৰিবলগীয়া দিশসমূহ পৰ্যায়ক্ৰমে উল্লেখ কৰি সমবেত সকলোকে পথ-সুৰক্ষাক সংকল্প হিচাপে ল’বলৈ আহ্বান জনায়।সন্মুখৰ পৰা নেতৃত্ব দি পথ-সুৰক্ষাক প্ৰতেকটো বিহু বাকৰিত বিহু গীত আৰু নৃত্যৰে ৰাইজৰ মাজত সজাগতা আনে পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়া গৌতম দাসে ৷

Leave A Reply

Your email address will not be published.