Tree: দীঘলীপুখুৰীৰ দৰে ৰাজ্যৰ বন ধ্বংস বন্ধ কৰাৰ আহ্বানাৰে কলিয়াবৰত এজোপা অমৰা গছৰ জন্মদিন পালন

গুৱাহাটী, ৩ নৱেম্বৰঃ দেশ-ৰাজ্যত সেউজ পৰিৱেশ জীয়াই ৰাখিবলৈ বিভিন্ন কাৰ্যসূচী-উৎসৱ পালন কৰা হয়(Tree)।

কিন্তু চৰকাৰ বা কৰ্তৃপক্ষই যি এক বাৰ্তা জনগণলৈ প্ৰেৰণ কৰাৰ চেষ্টা কৰে সেই বাৰ্তা কিমান কাৰ্যকৰী হয়, সেয়া সকলোৱে জানে(Dighalipukhuri)।

বিশ্ব পৰিৱেশ দিৱস, বন মহোৎসৱ অথবা চৰকাৰী-বেচৰকাৰী কাৰ্যসূচীত গছপুলি ৰোৱাৰ নামত বহু টকাৰ শৰাধ হয়, কিন্তু লাভৰ ঘৰত শূণ্য।

আকৌ উন্নয়নৰ নাম অবাধ বনধ্বংস(Kaliabar)। শেহতীয়াকৈ, দীঘলী পুখুৰীৰ বিষয়টো ইয়াৰ জ্বলন্ত উদাহৰণ। তাৰ বিপৰীতে কলিয়াবৰত এক বিপৰীত দৃশ্য। যি দৃশ্যই এক শুভ বাৰ্তা কঢ়িয়াব বুলি আশা কৰিব পাৰি।

বাৰ বছৰৰ আগেয়ে ২ নৱেম্বৰত কলিয়াবৰৰ নিজ চিলা বন্ধা গাঁৱৰ তিনিআলিত এটা অমৰা পুলি ৰুইছিল কেইজনমান চেমনীয়া-যুৱকে। প্ৰতিবছৰে আমৰা পুলিটো ৰোৱাৰ দিনটোত চেমনীয়া-যুৱককেইজনে লগ-লাগি জন্মদিন পালন কৰি আহিছিল।

লাহে-লাহে বিষয়টো গাঁৱত আলোচিত হ’বলৈ ধৰিলে আৰু গাঁৱৰৰাইজে, বিশেষকৈ ডেকাচামে বৰ্তমান গছলৈ ৰূপান্তৰিত হোৱা অমৰাজোপাৰ জন্মদিন পালন কৰিবলৈ ল’লে।

যোৱাবছৰৰ পৰা আমৰা গছজোপাৰ জন্মদিনৰ গাঁৱৰ ডেকা-আদহীয়াই মিলি পালন কৰাৰ লগতে এসাঁজ খাই এক গভীৰ তৃপ্তি লাভ কৰে।

এইবাৰ অমৰাজোপাৰ কাষতে আন এটা বুলিও ৰুই এই জন্মদিনৰ গুৰুত্ব বুজাবলৈ চেষ্টা কৰিছে গাঁৱৰ কণ-কণ শিশুসকলক।

অমৰা গছৰ জন্মদিন পালন কৰি গাঁওবাসীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীক দীঘলী পুখুৰীৰ পাৰৰ দৰে গছ কাটি ৰাজ্যৰ আন স্থানতো যাতে উন্নয়ন নকৰে তাৰ বাবে অনুৰোধ জনাই।

Related Articles