জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ মাজুলীৰ সভা সম্পন্ন , চিৰাম আঞ্চলিক সমিতি গঠন । majuli

২৭ মাৰ্চঃ majuli । মাজুলীৰ চিৰাম পঞ্চায়ত ভৱনত দিনৰ ১২ বজাৰ পৰা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ অন্যতম জিলা মাজুলী জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হোৱা বুলি এক সংবাদ বিবৃতিৰ যোগেদি জিলা সম্পাদক শংকুসিদ্ধ নাথে জানিবলৈ দিয়ে। বিবৃতি অনুসৰি জিলা সভাপতি ৰমেশ চন্দ্ৰ শ‌ইকীয়াৰ পৌৰহিত্যত আঞ্চলিক সমিতি গঠনৰ উদ্দেশ্যেৰে অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে চিৰাম পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী ৰমেশ বৰুৱাই।

মাজুলী জিলা সমিতিৰ কাৰ্যকৰী সভাপতি অনন্ত ঙাটেই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ উদ্দেশ্য -লক্ষ্য সম্পৰ্কে বিস্তাৰিতভাৱে আলোকপাত কৰা সভাখনত শিক্ষাবিদ জীৱন শ‌ইকীয়া, সমাজকৰ্মী ক্ৰমে স্বৰ্ণলতা পেগু, বাণীকান্ত কাকতি আৰু ৰাম কুমাৰ পেগুয়ে বক্তব্য প্ৰদান কৰি এখন আঞ্চলিক সমিতি গঠনৰ প্ৰস্তাৱ আগবঢ়ায়।

সেই অনুসৰি ৰমেশ বৰুৱাক সভাপতি, বেথাৰাম শইকীয়াক সম্পাদক, সুনন্দ দেউৰীক কাৰ্যকৰী সভাপতি, উপ-সভাপতি পদত ৰেখা দলে, সহকাৰী সম্পাদকত মনোজ দেউৰী আৰু ৰাজীৱ দাস, কোষাধ্যক্ষ পদত নগেন বৰুৱা, প্ৰচাৰ সম্পাদকত যাদৱ শইকীয়া, সাংস্কৃতিক সম্পাদকত বিমান বৰুৱা, কৃষি উন্নয়ন সমিতিৰ সম্পাদকত ভীমকান্ত শইকীয়া, অৰ্থনৈতিক উন্নয়ন সমিতিৰ সম্পাদকত ভদ্ৰেশ্বৰ টায়ে, সাহিত্য সম্পাদকত দীপা শইকীয়া, সাংগঠনিক সম্পাদকত উদ্বেশ্বৰ টাইদক মনোনীত কৰি ‘চিৰাম আঞ্চলিক সমিতি’ নামেৰে এখন আঞ্চলিক সমিতি গঠন কৰা হয়। সভাত জীৱন শ‌ইকীয়া, গণেশ ৰাজখোৱা, দ্বীপেন কলিতা , পুষ্প কলিতা, কেশৱ ৰাজখোৱা, দিগন্ত দেউৰীক উপদেষ্টা আৰু যতীন খাউণ্ড, অনিল শ‌ইকীয়া, মনোজ দেউৰী, অনুপম বৰা, ৰাজু বৰা, মৃদুল বৰুৱা, গগণ বৰা, প্ৰহ্লাদ দাস, ৰিন্টু কলিতা আৰু পুতলী খাউণ্ড কাৰ্যকৰী সদস্য হিচাপে সভাই দায়িত্ব অৰ্পণ কৰে। দ্বীপেন কলিতা আৰু কেশৱ ৰাজখোৱাই সমজুৱা একাষাৰৰ শিতানত বক্তব্য প্ৰদান কৰা উক্ত সভাতেই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য
মঞ্চ, অসমৰ প্ৰস্তাৱিত ১৭ এপ্ৰিল ২০২৫ত পূণ্যভূমি সত্ৰনগৰী মাজুলীৰ পৰা সমগ্ৰ অসমলৈ ‘সমন্বয় যাত্ৰা’ কৰা পূৰ্ণ সহযোগৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিবৃতিত উল্লেখ্য যে, মাজুলীৰ দুগৰাকী পুৰোধা ব্যক্তি ক্ৰমে চুমৈমাৰী গাঁৱৰ নিবাসী, শিক্ষক, সাংস্কৃতিক কৰ্মী লোকনাথ কুটুম আৰু কেৰালা গাঁৱৰ নিবাসী অৱসৰী শিক্ষক ১০৮ বছৰীয়া দক্ষ শিল্পী বংশীধৰ দত্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মৌন প্ৰাৰ্থনা কৰা সভাখন জাতীয় সংগীত পৰিৱেশনৰে সফল সমাপ্তি ঘটে।।

Related Articles