Breaking

ড০ নিৰ্মলপ্ৰভা বৰদলৈ লৈ শ্ৰদ্ধাঞ্জলি…

0 29

আজি ১ জুন তাৰিখে অসম সাহিত্য সভাৰ গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়ৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱন প্ৰাংগণত অসম সাহিত্য সভাৰ দ্বিতীয় গৰাকী মহিলা সভাপতি বিশিষ্ট লেখিকা,‌ সুৰকাৰ, গীতিকাৰ ড০ নিৰ্মলপ্ৰভা বৰদলৈ (১৯৩৩-২০০৪) মহোদয়াৰ ৯১ সংখ্যক মৃত্যু বাৰ্ষিকীত গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়ৰ কৰ্মচাৰী সকলৰ লগতে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক শ্ৰীযুত পংকজ বেজবৰুৱা মহোদয়ৰ উপস্থিতিত বৰদলৈ বাইদেউৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি, প্ৰজ্বলন, ধূপ প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান কৰাৰ উপৰি গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়ৰ সম্পাদক প্ৰফুল্ল বৰ্মনৰ সভাপতিত্বত এখনি স্মৃতি চাৰণ সভাৰ আয়োজন কৰা হয়।

স্মৃতি চাৰণ সভাত কৰ্মচাৰী শ্ৰীযুতা সান্ত্বনা ঠাকুৰীয়া,‌ শ্ৰীযুত বাবুল ৰাজবংশী আৰু নলবাৰী জিলাৰ সম্পাদক পংকজ বেজবৰুৱাই বক্তব্য আগবঢ়ায়। সভাপতি  প্ৰফুল্ল বৰ্মনে প্ৰ‌য়াত নিৰ্মলপ্ৰভা বৰদলৈৰ জীৱন আৰু কৃতিত্বৰ ওপৰত আলোকপাত কৰি চমু ভাষণ আগবঢ়ায়।

Leave A Reply

Your email address will not be published.