Breaking

মুকালমুৱাৰ কাপলাবড়ীত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ মাতৃৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি…

0 18

মুকালমুৱাৰ কাপলাবড়ীত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ মাতৃৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভুমিধৰ বৰ্মনৰ সহ ধৰ্মিনী তথা বিধায়ক দিগন্ত বৰ্মনৰ মাতৃৰ যোৱাকালি মৃত্যু হৈছিল। গুৱাহাটীৰ এখন বক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মালতী বৰ্মনে শেষনিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৬ বছৰ।

আজি মুকালমুৱা কাপলাড়ীস্থিত বাস গৃহৰ চৌহদত প্ৰয়াত মালতী বৰ্মনৰ নশ্বৰ দেহ লৈ অহাৰ পিছতে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ নেতা কৰ্মী আৰু গুনমুগ্ধই শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পিছতে নিজ গাঁৱ বেলশৰত প্ৰয়াত মালতী বৰ্মনৰ শেষকৃত সম্পন্ন কৰা হ’ব। তেখেতৰ বিয়োগত বৰক্ষেত্ৰী অঞ্চলত শোকৰ ছাঁ পৰে।

Leave A Reply

Your email address will not be published.