পথৰুঘাট ৰণৰ ১৩১ সংখ্যক স্মৃতি দিৱসত প্ৰাণ বলিদান কৰা কৃষকসকলক শ্ৰদ্ধাঞ্জলি ।Pathrughat

২৮ জানুৱাৰী ২০২৫: Pathrughat । দৰঙৰ পথৰুঘাটত অনুষ্ঠিত হৈছে ১৩১ সংখ্যক স্মৃতি দিৱস, য’ত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে, অত‍্যাচাৰ আৰু কৰ বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ সাত কুৰি কৃষকে প্ৰাণ বলিদান দিছিল।

পথৰুঘাটৰ উচচতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক বিশেষ স্মৃতিচাৰণ সভাত কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে লগতে শ্বহীদ কৃষকসকলৰ সাহস আৰু বলিদানৰ প্ৰতি গভীৰ শ্রদ্ধা জ্ঞাপন কৰে।

এই স্মৃতি দিৱসত ভাৰত চৰকাৰে প্ৰস্তুত কৰা বিশেষ ডাকটিকট আনুষ্ঠানিকভাৱে মুকলি কৰা হয়, যাৰ মাজেৰে এই ঐতিহাসিক পথৰুঘাট ৰণৰ স্মৃতিটোক সুৰক্ষিত কৰি ৰখা হৈছে। স্মৃতিচাৰণ সভাত ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী, মঙ্গলদৈৰ বিধায়ক বসন্ত দাস, অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজকোঁৱৰ, আৰু বিশিষ্ট নেতা অনুপ চেতিয়া ডাঙৰীয়াৰ লগতে বহুজন গণ‍্যমান‍্য ব‍্যক্তি আৰু শ্বহীদ কৃষক পৰিয়ালৰ সদস্যসকলে অংশগ্ৰহণ কৰে।

এই সভাৰ মাজেৰে ১৩১ বছৰ আগৰ সাহসী কৃষকসকলৰ অবদানক স্মৰণ কৰি, আজিৰ দৰঙবাসী আৰু সমগ্ৰ অসমবাসীৰ মাজত কৃষকসকলৰ অধিকাৰ আৰু সুৰক্ষাৰ প্ৰতি নতুন চেতনাৰ সৃষ্টি ।

অসমত আজিৰ দিনটো বিশেষ কাৰণে চিহ্নিত। ১৩১ সংখ্যক কেন্দ্ৰীয় কৃষক শ্বহীদ দিৱস পালন কৰা হৈছে, যিটো কৃষকৰ অধিকার আৰু অসমৰ কৃষক সমাজৰ সাহসিকতা আৰু বলিদানৰ এক পৰাকাষ্ঠা হিচাপে মনত ৰখা হয়। এই দিনটোতে কৃষক শ্বহীদসকলৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে বিভিন্ন সংগঠন আৰু শাসক দলৰ পক্ষৰ পৰা একাধিক কাৰ্যসূচী আয়োজন কৰা হৈছে।এই শ্বহীদ দিৱসত কৃষকৰ প্ৰতি এক নতুন চেতনা আৰু শ্রদ্ধা সৃষ্টি হয়। কৃষক আন্দোলনৰ এই দিনটো অসমৰ ইতিহাসৰ এক অনন্য অধ্যায় হিচাপে চিহ্নিত হৈছে, যি সদায়ে আমাৰ কৃষক সমাজৰ সাহস আৰু মনের মেধাৰ প্ৰতীক হিচাপে উজ্জ্বল হৈ থাকিব।

Related Articles