Breaking

নকছাৰিত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন”এইডছ বিৰোধী সজাগতা সভা সম্পন্ন

0 18


আন্তৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি যোৰহাট জিলা প্ৰশাসন, জিলা স্বাস্থ্য সমিতি তথা এইড্চ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আৰু নকছাৰি স্নাতক মহাবিদ্যালয় আৰু জেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সহযোগত দিনজোৰাকৈ ড্ৰাগচ বিৰোধী তথা এইডচ্ বিৰোধী এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷

নিচা বিৰোধী বিভিন্ন সজাগতা প্লেকাৰ্ড আৰু ফেষ্টুন প্ৰদৰ্শন কৰি মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলে গঠন কৰা মানৱ শৃংখলক শুভেচ্ছা জনাই জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত আয়ুক্ত (স্বাস্থ্য) পংকজ বৰাই অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে ৷

ইয়াৰ পাছতে নকছাৰি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মূল সভাখন অতিৰিক্ত আয়ুক্ত, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰূপৰেখা বৰদলৈৰ সহযোগত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব দেৱজ্যোতি ভূঞাই ৷

মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলৰ এটি সমবেত সংগীতেৰে শুভাৰম্ভ কৰা কাৰ্যসূচীৰ আদৰণি ভাষণ আগবঢ়াই মহাবিদ্যালয়খনৰ অধ্যক্ষ উত্তম বৰুৱাই ৷ ড্ৰাগচৰ দৰে নিচাৰ ভয়াবহতাই যোৰহাটত বঢ়াই তোলা ড্ৰাগচ আসক্তৰ সংখ্যাৰ বিৰুদ্ধে যুৱচামক সক্ৰিয় কৰি তোলাৰ স্বাৰ্থত আন্তৰাষ্ট্ৰীয় যুৱ দিৱস পালনৰ প্ৰয়োজনীয়তা আহি পৰা বুলি সভাৰ মূল বিষয়বস্তুৰ আঁত ধৰে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালনক ডাঃ দিলীপ কুমাৰ দেৱশৰ্মাই ৷

তিতাবৰ মহকুমাৰ মহকুমাধিপতি বিপাঞ্চী দত্ত, চক্ৰ বিষয়া কুইন গগৈ, জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ নডেল বিষয়া, যক্ষ্মা বিষয়া তথা যোৰহাট জিলা এইডচ্ নিয়ন্ত্ৰণ বিষয়া ডাঃ ভক্তিময় ভট্টাচাৰ্য, দেবেৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, নিউজ নাওৰ পৰিচালন সঞ্চালক উৎপল দাস, দুয়োখন মহাবিদ্যালয়ৰ অধ্যক্ষ আদি বিভাগীয় মুৰব্বীসকলৰ উপস্থিতিত আজিৰ সভাতে প্ৰেক্ষাগৃহত সমবেত ছাত্ৰছাত্ৰী আৰু ৰাইজক নিচাবিৰোধী শপত গ্ৰহণ কৰোৱা হয় ৷

মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলৰ গীত-নৃত্য, ঝুমুৰ, বিহু হুচৰিৰ আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচীৰে অতি উচ্চ মানদণ্ডৰ কৰি তোলা যুৱ মহোৎসৱৰ কাৰ্যসূচীৰ মাজতে আজিয়েই জিলা এইডচ্ নিয়ন্ত্ৰণৰ ভ্ৰাম্যমাণ দৃশ্য-শ্ৰব্য সজাগতা ছবিৰ শুভাৰম্ভ কৰা হয় ৷ নকছাৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড আঁচনি প্ৰৱন্ধক মৃণাল ভূঞাই শলাগৰ শৰাই আগবঢ়োৱা সভাখনতে ’ৰেপ্লিকা’ৰ এখনি অতি অৰ্থবহ বাটৰ নাটেৰে নিচাবিৰোধী সজাগতাক যুৱ মহোৎসৱৰ অংগাংগী হিচাপে প্ৰদৰ্শন কৰে ৷ শেষত জাতীয় সংগীতেৰে কাৰ্যসূচী সমাপনৰ কৰা হয় ৷

Leave A Reply

Your email address will not be published.