Breaking

Bimal Bora: সংস্কাৰ ভাৰতীৰ উত্তৰ অসম প্ৰান্তৰ ত্ৰি বাৰ্ষিক অধিবেশন আৰু শিল্পী সমাৰোহ

40

সাংস্কৃতিক বিনিময়ৰ জৰিয়তে আমি ভাৰতৰ মহান ঐতিহ্যক শক্তিশালী কৰিব লাগিব -সাংস্কৃতিক মন্ত্রী বিমল বড়া-Cultural Minister Bimal Bora


Cultural Minister Bimal Bora: গুৱাহাটী ১৪ছেপ্টেম্বৰ:’পাচঁহাজাৰ বছৰীয়া মহান ঐতিহ্যৰে সমৃদ্ধ ভাৰতীয় সংস্কৃতিকলৈ আমি প্ৰতিগৰাকী ভাৰতীয় গৌৰৱান্বিত’ -সংস্কাৰ ভাৰতী, উত্তৰ অসম প্ৰান্তৰ ত্ৰিবাৰ্ষিক অধিবেশন আৰু শিল্পী সন্মিলন উপলক্ষে পাঞ্জাবাৰীৰ শিল্প গ্ৰাম প্ৰেক্ষাগৃহত আয়োজিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাবে প্ৰদান কৰা ভাষণত এইদৰে কয় ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই।ভাষণ প্ৰসংগত সাংস্কৃতিক মন্ত্ৰী বড়াই সাংস্কৃতিক বিনিময়ৰ জৰিয়তে ভাৰতৰ মহান ঐতিহ্যক শক্তিশালী কৰিব লাগিব বুলি উল্লেখ কৰি যুগ যুগ ধৰি নিৰবধি আমাৰ বৈচিত্র্যময় সাংস্কৃতিক পৰম্পৰাই আমাক বিশ্বত উজলাই ৰাখিছে বুলিও কয়। Bimal Bora:

শিল্পী সকল সাংস্কৃতিক দূত বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে আমাৰ সাংস্কৃতিক বৈভৱ সমূহক উপযুক্ত ধৰণে উপস্থাপনৰ ক্ষেত্রত শিল্পীসকলৰ গধূৰ দায়িত্ব আছে বুলিও কয়।দেশৰ চহকী সাংস্কৃতিৰ উপযুক্ত ধৰণে, শুদ্ধ ৰূপত পৰিবেশন ,প্ৰসাৰ তথা প্ৰচাৰৰ ক্ষেত্ৰত সংস্কাৰ ভাৰতীয়ে বহূ বছৰ ধৰি কাম কৰি থকাৰ কথা ব্যক্ত কৰি এনে প্ৰচেষ্টাই আমাৰ সংস্কৃতিক উজলাই ৰাখিছে বুলিও মন্ত্রী বড়াই কয়।সংস্কাৰ ভাৰতীৰ উত্তৰ অসম প্ৰান্তৰ সভানেত্রী মঞ্জু বড়াই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ জ্যেষ্ঠ প্ৰচাৰকদ্বয় ভাস্কৰ কূলকাৰ্ণী আৰু লক্ষ্মী নাৰায়ণ ভাল্লা তথা সংস্কাৰ ভাৰতীৰ কৰ্মকৰ্তা তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিল্পী সকল উপস্থিত আছিল। উল্লেখ্য যে উদ্বোধনী অনুষ্ঠানৰ পাছতে ৰাজ্যৰ বৰ্ণাঢ্য লোক সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।

Comments are closed.