Breaking

সমস্যাৰে ভাৰাক্ৰান্ত দেৰগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰ; চিকিৎসকৰ অভাৱে দুৰ্ভোগ ভোগাইছে ৰোগীক

0 2,010

দেৰগাঁও ধেমাজিস্থিত ৩০ খন বিছনাযুক্ত সামুহিক স্বাস্থ্য কেন্দ্ৰটো ১৯৮৮ চনত তদানীন্তন অসম গণ পৰিষদৰ চৰকাৰৰ দিনতে গোলাঘাট জিলাৰ উত্তৰ অংশৰ লগতে যোৰহাট জিলা আৰু দক্ষিণ মাজুলীৰ বৃহত্তৰ অঞ্চলৰ লোকসকলৰ স্বাস্থ্য সেৱাৰ সুবিধাৰ্থে স্থাপন কৰা হৈছিল। স্বাস্থ্য কেন্দ্ৰটি ৰাইজৰ সেৱাৰ বাবে মুকলি হোৱাৰ কিছুবছৰ পিছলৈকে বৃহত্তৰ এলেকাৰ ৰাইজে থিক মতেই সেৱা লাভ কৰিছিল। এটা সময়ত এই স্বাস্থ্য কেন্দ্ৰটোত থকা ৩০ বিছনাৰ প্ৰতিখনতে ৰোগী ৰখাৰ ব্যৱস্থা আছিল। কিন্তু যোৱা চাৰি বছৰ মানৰ পৰা স্বাস্থ্য কেন্দ্ৰটোত স্বাস্থ্য সেৱা লাভৰ ক্ষেত্ৰত জনসাধাৰণ ভালকৈয়ে দুৰ্ভোগ ভুগিব লগাত পৰিছে। বৰ্তমান দুই চাৰি গৰাকী প্ৰসুতিক ৰখাৰ বাদে আন ৰোগী ৰখাৰ ব্যৱস্থা প্ৰায় নথকাৰ দৰেই হৈছে। এই স্বাস্থ্য কেন্দ্ৰত এগৰাকী উপ অধীক্ষকৰ পদবীৰ লগতে চিকিৎসৰ চাৰিটা পদবী আছিল যদিও বৰ্তমান উপ-অধীক্ষক গৰাকীৰ বাদে বাকী কেইটা পদ দীৰ্ঘদিন ধৰি খালি হৈ আছে। মাজে মাজে অস্থায়ী ভাৱে কহঁৰা চিকিৎসা কেন্দ্ৰৰ বা চুঙাজান চিকিৎসা কেন্দ্ৰৰ পৰা চিকিৎসক আনি জোৰা-টাপলি মাৰি স্বাস্থ্য কেন্দ্ৰটি চলাই থকা হৈছে। যত কমেও আঠজন চিকিৎসকৰ প্ৰয়োজন তাত মাত্ৰ এগৰাকী স্থায়ী চিকিৎসক থকা কাৰ্যই কণা হাঁহক পতান ধান দিয়াৰ দৰে বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণক আভূৱা ভৰা কাৰ্যত ৰাইজ হৎভম্ব হৈ পৰিছে। আনহাতে স্বাস্থ্য কেন্দ্ৰটোৰ আন্তঃগাথঁনিৰ অতিকে দুৰ্বল হৈ পৰিছে। স্বাস্থ্য কেন্দ্ৰটোত থকা এক্স-ৰে মেচিনটো কেইবা বছৰ ধৰি বিকল হৈ পৰি থকাৰ পিছতো স্বাস্থ্য বিভাগৰ তৰফৰ পৰি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বৰ্তমান এই স্বাস্থ্য কেন্দ্ৰত এক্স-ৰে মেচিনো নাই, এক্স-ৰে অপাৰেটৰো নাই। স্বাস্থ্য কেন্দ্ৰৰ উপ-অধীক্ষক গৰাকীয়ে বাৰম্বাৰ জনোৱাৰ পাছতো আজি হ’ব কালি হ’ব বুলিয়েই দিন পাৰ হৈছে। স্বাস্থ্য কেন্দ্ৰটোত থকা আৱাস সমুহৰ অৱস্থা বৰ্তমান শোচনীয় হৈ পৰিছে। এনে আৱাসতেই থাকি চিকিৎসা কৰ্মীসকলে সেৱা আগবঢ়াবলৈ বাধ্য হ’ব লগাত পৰিছে। যোৱা ২৯ ছেপ্তেম্বৰত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে দেৰগাঁৱৰ ৩০খন বিছনাযুক্ত দেৰগাঁও সামূহিক চিকিৎসালয় পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত কভিদ প্ৰতিষেধক প্ৰদান ব্যৱস্থাপনা আৰু চিকিৎসালয় আন্ত:গাঠনি সম্পৰ্কে বুজ লয়। পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীক গোলাঘাট জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই বিতংভাৱে সমস্যা সমুহ অৱগত কৰে। পৰিদৰ্শন কালত স্বাস্থ্য কেন্দ্ৰৰ উপ অধীক্ষক ডাঃ চিৰঞ্জীৎ লোচন গগৈয়ে এক স্মাৰক পত্ৰ প্ৰদান কৰি স্বাস্থ্য কেন্দ্ৰটোৰ আন্তঃগাথঁনিৰ উন্নয়ন, চিকিৎসক, নাৰ্ছ আৰু অন্যান্য কৰ্মচাৰী নিযুক্তি, এটা আইচলেশ্বন ৱাৰ্ড স্থাপন আদিৰ বাবে অনুৰোধ জনায়। এই ক্ষেত্ৰত জ্যেষ্ঠ স্বাস্থ্য কৰ্মী কৰুনা ৰাজবংশীয়ে সহযোগীতা আগবঢ়ায়। মন্ত্ৰী গৰাকীয়ে স্বাস্থ্য কেন্দ্ৰটোৰ সমস্যা সমুহ অতি সোনকালেই সমাধান কৰা হ’ব বুলি অৱগত কৰে। কিন্তু মন্ত্ৰী গৰাকীৰ এই পৰিদৰ্শনে কিমান ফলধৰে সেয়া সময়েহে নিৰূপণ কৰিব।মোঃ ৯৮৫৯৮২৫৩৬৬

Leave A Reply

Your email address will not be published.