Breaking

ছয়গাঁও ঔদ্যোগিক কেন্দ্ৰত হাজাৰ হাজাৰ বস্তা চোৰাং চাউল সহ ট্ৰাক জব্দ।

0 1,073

ৰাজ্যত অব্যাহত আছে চোৰাং ব্যৱসায় আৰু চিণ্ডিকেটৰ বজাৰ। এনে এক বৃহৎ চোৰাং চাউল ব্যৱসায়ৰ খৱৰ ৰাজহুৱা হৈছে কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ছাটাবাৰীস্থ উদ্যোগিক কেন্দ্ৰত। দক্ষিণ কামৰূপৰ ছয়গাঁওৰ ঔদ্যোগিক কেন্দ্ৰত চৰকাৰৰ এফ ,চি ,আই বিভাগৰ হাজাৰ হাজাৰ বস্তা চোৰাং চাউল জব্দ কৰে বকো আৰক্ষী বিষয়াই। জানিব পৰা মতে মাৰুতি ফুটজ ইউনিট-২ নামৰ ঔদ্যোগটোত মেঘালয়ৰ এফ, চি,আইৰ চাউল ট্ৰাকে ট্ৰাকে দীৰ্ঘদিনৰ পৰা আহি আছিল।লগতে উদ্যোগটোৰ এফ চি আইৰ চাউল বস্তাৰ পৰা উলিয়াই নতুনকৈ চাউল পেকেজিং কৰাৰ অভিযোগ উত্থাপিত হৈছে।উল্লেখ যে নতুন কৈ পেকেট কৰা চাউল সমূহ প্ৰেৰণ কৰা হয় আছাম ৰাইফলছ আৰু চি আৰ পি এফ তথা আৰক্ষীলৈ। প্ৰাপ্ত তথ্য অনুসৰি উদ্যোগটোৰ স্বত্বাধিকাৰী দীপক আগৰৱালাই বহু দিনৰ পৰা এনে ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে যোৱা ১জুনৰ নিশা নধিয়াপাৰাত এখন ট্ৰাক উদ্ধাৰ হোৱাৰ পিছতেই এই ভয়াবহ দূৰ্নীতি পোহৰলৈ আহে। বকোৰ নধিয়াপাৰাত চাউল ভৰ্তি ট্ৰাক খন দেখি স্থানীয় ৰাইজৰ সন্দেহ হোৱাত বকো আৰক্ষীক অবগত কৰে। ইফালে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ৰ নেতৃত্বত লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু আৰক্ষীয়ে এন এল – ০৭ এ – এ০৪৯৩ নম্বৰৰ ট্ৰাকখন জব্দ কৰে লগতে আৰু বহু কেইখন ট্ৰাক উদ্যোগটোৰ ভিতৰত সোমাইছে বুলি স্থানীয় ৰাইজে জনায়। ঘটনা সন্দৰ্ভত যোৱা নিশা বকো আৰক্ষীয়ে উদ্যোগটোত অধিক তথ্যৰ বাবে অভিযান চলাই। আনহাতে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ে বৰ্তমানো  ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে। প্ৰকাশ যে একো একোখন ট্ৰাকত চাউল আহে প্ৰায় ৫০০ বস্তাকৈ।

Leave A Reply

Your email address will not be published.