Breaking

তুলিৰাম ৰংহাঙৰ ক’লা অধ্যায়ৰ আৰু এখিলা পাত : অন্য এক ক’লা অধ্যায় কাচে কনষ্ট্ৰাকচন ( অ’পিচি) প্ৰাঃ লিমিটেড’ৰ কাহিনী…

0 15

তুলিৰাম ৰংহাঙৰ ক’লা অধ্যায়ৰ আৰু এখিলা পাত

প্ৰতিক্ৰিয়া হওতেই সলাই পেলালে কাম সম্পাদনৰ প্ৰমাণপত্ৰ
বিতুষ্ট মুখ্যমন্ত্ৰীয়ে কৰিছে বিকল্পৰ সন্ধান
প্ৰতিবেদন -৩

কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাঙৰ ক’লা অধ্যায়ৰ গ্ৰন্থ খনৰ পাত লুটিয়াই যোৱাৰ লগে লগে ওলাই পৰিছে তুলিৰামৰ সীমাহীন দুৰ্নীতি আৰি মিথ্যাচাৰোমৰ কথা। স্বজন-তোষণ আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰে কাৰ্বিভূমিক ১০০ বছৰ পিছুৱাই নিয়া তুলিৰামৰ এক ক’লা অধ্যায়ৰ কাহিনী শেহতীয়া প্ৰতিবেদনতে প্ৰকাশ কৰিছিলো। দৈনন্দিন বাৰ্তা কাকতত- তুলিৰামক কিয় এৰাই চলিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে, আন এক ক’লা অধ্যায়, কাচে কনষ্ট্ৰাকছন(অ’পিচি) লিমিটেডৰ কাহিনী শীৰ্ষক প্ৰতিবেদন প্ৰকাশৰ পিছতে কাৰ্বিভূমিত এতিয়া ভূঁইকঁপৰ সৃষ্টি হৈছে। গণৰোষত পৰাৰ ভয়ত এতিয়া তুলিৰামে ত্ৰাহি মধুসুদন সোঁৱৰা বুলিও জানিব পৰা গৈছে। দৈনন্দিন বাৰ্তাৰ শেহতীয়া প্ৰতিবেদনত আমি তুলিৰামে কিদৰে পত্নীৰ কোম্পানীৰ নামত ৩০ কোটি টকাৰ পথ নিৰ্মাণৰ কাম এটা ২২-১২-২০২০ত বণ্টন দিছিল আৰু সেই কাম মাত্ৰ ৭ দিনৰ ভিতৰত অৰ্থাৎ ২৯-১২-২০২০ৰ ভিতৰতে সম্পূৰ্ণ কৰা দেখুৱাই ধন আত্মসাত কৰিছিল সেই কথা প্ৰকাশ কৰিছিলো। ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ডিফু-দিল্লাই পথটোৰ কাম মাত্ৰ ৭ দিনতে ১০০ শতাংশ সম্পূৰ্ণ হোৱা বুলি কাম সম্পূৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ দিয়া হৈছিল। জনতাক সম্পূৰ্ণ অন্ধকাৰত ৰাখি তুলিৰামে পত্নীৰ নামত থকা কোম্পানীক এনেদৰে সম্পূৰ্ণ অনিয়মৰ আশ্ৰয়লৈ ৩০ কোটিটকীয়া কামটো মাত্ৰ ৭ দিনতে সম্পূৰ্ণ কৰা দেখুৱাই ধন লুট কৰাৰ ঘটনাত এতিয়া

কাৰ্বি পাহাৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু শেহতীয়াকৈ আমাৰ হাতত পৰা তথ্য অনুসৰি তুলিৰামৰ দুৰ্নীতিৰ কথা এখন ৰাষ্ট্ৰীয় কাকতত প্ৰকাশ পোৱাৰ পিছতে তুলিৰামে পত্নীক আৱণ্টন দিয়া কামটোৰ ক্ষেত্ৰত পুনৰ মিথ্যাচাৰৰ আশ্ৰয় লয়। এইবাৰ তুলিৰামে পূৰ্বেৰ কাম সম্পাদন কৰাৰ প্ৰমাণপত্ৰৰ ঠাইত আন এখন নতুন কাম সম্পাদনৰ প্ৰমাণপত্ৰ প্ৰস্তুত কৰে। সেই নতুন প্ৰমাণ পত্ৰত কামটোৰ বাবে আৱণ্টিত বিলৰ পৰিমাণ ৩০ কোটি টকাৰ সলনি ২৯,৯৯,৪৩,১৩৭.৬০ টকা দেখুওৱা হৈছে। একেদৰে কাম আৱণ্টৰ তাৰিখ ২১-১২-২০২০ আৰু কাম সম্পূৰ্ণ হোৱাৰ তাৰিখ ১৪-০১-২০২১ বুলি দেখুওৱা হৈছে। এক কথাত ক’বলৈ গ’লে পূৰ্বে ৭ দিনতে সম্পূৰ্ণ হোৱা বুলি দেখুওৱা কামটো কৰিবলৈ এইবাৰ প্ৰায় এমাহ সময় লোৱা বুলি দেখুওৱা হৈছে। তুলিৰামে এনে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ পিছতো তুলিৰামৰ বিৰুদ্ধে কাৰ্বি পাহাৰত এনে এক গণ উন্মাদনাৰ সৃষ্টি হৈছে বুলি বিভিন্ন জনে মন্তব্য কৰিছে। যি গণউন্মাদনাৰ বাংলদেশত সৃষ্টি হৈছিল আৰু গণবিক্ষোভৰ সন্মুখীন হৈ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতলৈ পলাই আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল তদ্ৰুপ পৰিস্থিতিয়েই কাৰ্বি পাহাৰতো হ’ব পাৰে বুলি বহুতে সন্দেহ ব্যক্ত কৰিছে। গণৰোষৰ বলি হৈয়েই তুলিৰামে কাৰ্বি পাহাৰৰ পৰা পলায়ন কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি বহুতে আশংকা কৰিছে। কিন্তু এনে পৰিস্থিতিত কাৰ ওচৰলৈ সহায় বিচাৰি যাব তুলিৰামে। ইতিমধ্যে ভাবিব নোৱাৰা ধৰণে দুৰ্নীতিত নিমজ্জিত হোৱাৰ বাবেই কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদৰ বহু ইএমে তুলিৰামৰ সংগ এৰিছে। এসময়ত তুলিৰামক চকুমুদি বিশ্বাস কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো তুলিৰামক এৰাই চলিছে। বিশেষকৈ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ সময়ত তুলিৰামৰ মন্ত্ৰনা শুনিয়েই এগৰাকী যোগ্য প্ৰাৰ্থীক বিজেপিয়ে টিকট দিয়া নাছিল। ফলত কাৰ্বি পাহাৰৰ ডিফু লোকসভা সমষ্টিত এনডিএৰ প্ৰাৰ্থী গৰাকীয়ে কিবা কৈহে অতি কম ভোটৰ ব্যৱধানত জয়ী

হৈছিল। লোকসভা নিৰ্বাচনৰ এনে ফলাফলে কাৰ্বি ভূমিত গেৰুৱা দলটোৰ জনপ্ৰিয়তা ভালে খিনি লাঘৱ কৰা বুলি দলটোৰ সকলোৱে এতিয়া উপলব্ধি কৰিছে। তুলিৰামে কেৱল ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ বাবেই যে চলে-বলে কৌশলে যোগ্য প্ৰাথীক টিকট দিয়া বন্ধ কৰিছিল সেই কথা এতিয়া মুখ্যমন্ত্ৰীয়ে হাড়ে হিমজুৱে উপলব্ধি কৰিছে। ফলত তুলিৰামক এতিয়া মুখ্যমন্ত্ৰী শৰ্মাই এৰাই চলিছে বুলি বিভিন্ন মহলত চৰ্চা হৈছে। বড়োভূমিত যিদৰে গেৰুৱা শিবিৰে প্ৰমোদ বড়োৰ বিকল্পৰ সন্ধান কৰিছে , একেদৰে কাৰ্বিভূমিতো তুলিৰামৰ বিকল্পৰ সন্ধান কৰি থকাৰ কথা বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে তুলিৰামে সদায় কাৰ্বি পাহাৰত এক অৰ্থনৈতিক সংকটৰ সৃষ্টি কৰি মানুহৰ ওপৰত একনায়কত্ব চলাব বিচাৰি আহিছে। কিন্তু এনে কথা সহ্য কৰা নাই তুলিৰামৰেই একান্ত বিশ্বাসী বুলি এসময়ত পৰিচিত বহুতে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদত তুলিৰামক চিপৰাং মৰাত ব্যস্ত হৈছে তেওঁৰেই এগৰাকী ঘনিষ্ঠ ব্যক্তি। সেইগৰাকী ব্যক্তিয়েই তুলিৰামৰ বিৰুদ্ধে গণপ্ৰতিৰোধ সৃষ্টিত সাৰ পানী যোগাই আহিছে বুলি বিশেষ সূত্ৰটোৱে প্ৰকাশ কৰিছে। দিছপুৰৰ এক সূত্ৰই প্ৰকাশ কৰা মতে মূৰৰ পৰাই গেলাই পেলোৱা কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদক তুলিৰামৰ লোভৰ অগ্নিৰ পৰা ৰক্ষা কৰিবলৈ বদ্ধ পৰিকৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তুলিৰামৰ পৰ্বতসম দুৰ্নীতিৰ কথা মুখ্যমন্ত্ৰীয়েও নজনকৈ থকা নাই বুলি সূত্ৰটোৱে কয়। সেয়ে এতিয়া সন্ধান চলিছে তুলিৰামৰ বিকল্পৰ। বড়োভূমিত প্ৰমোদ বড়োৰ বিকল্প হিচাবে ইতিমধ্যে বিশ্বজিত দৈমাৰীৰ নাম উচ্চাৰিত হৈছে যদিও কাৰ্বিভূমিত তুলিৰামৰ বিকল্প কোন হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।তুলিৰামৰ দুৰ্নীতিৰ তথ্য ইতিমধ্যে দিল্লী আৰু দিছপুৰ গৈ পোৱা বুলিও জানিব পৰা গৈছে। সহজ-সৰল কাৰ্বি জনতাক প্ৰতাৰণা কৰি তুলিৰামে কিদৰে সম্পত্তিৰ পাহাৰ গঢ়িছে সেয়া জানিব পাৰি আনকি দিল্লী-দিছপুৰৰো চকু থৰ লাগিছে। তুলিৰামৰ আৰু অলেখ দুৰ্নীতি তথা অনিয়মৰ কাহিনী দৈনন্দিন বাৰ্তাত ধাৰাবাহিকভাবে প্ৰকাশ কৰি থকা হ’ব। এয়া আমাৰ দায়িত্ব। কাৰণ ৰাইজেও জনা উচিত ৰাজনীতিকৰ মুখাৰ আঁৰত থকা মুখৰ কথা।

Leave A Reply

Your email address will not be published.