Tulsi: কেৱল তুলসী পাতেই নহয়, তুলসী গুটিয়েও ভাগ্য দুৱাৰ খুলে

জ্যোতিষৰ মতে তুলসী গুটিয়ে কৰা কিছুমান কৌশলে আমাৰ জীৱনৰ বহু সমস্যা সমাধান কৰিব পাৰে। এই বিষয়ে আমি সকলোৱে জানো। কেৱল তুলসী পাতেই নহয় তুলসী গুটিয়েও পূজাৰ কামত অতি লাগে। জ্যোতিষৰ মতে তুলসী গুটিৰ দ্বাৰা কৰা কিছুমান কৌশলে আমাৰ জীৱনৰ বহু সমস্যা সমাধান কৰিব পাৰে।(Tulsi) 

আমি প্ৰায় সকলোৱে জানো যে তুলসী গুটি ভগৱান বিষ্ণুৰ অতি প্ৰিয়। প্ৰতিদিনে বিষ্ণুক তুলসী গুটি আগবঢ়ালে মোক্ষ লাভ কৰে। ইয়াৰ বাহিৰেও পাৰিবাৰিক বিভিন্ন বাধা দূৰ হয়।

দিনটো বহুত অভাৱৰ মাজেৰে পাৰ হ”লে শুকুৰবাৰে মা লক্ষ্মী দেৱীৰ চৰণত তুলসী গুটি আগবঢ়াওক।

তুলসী গছত তুলসী গুটি প্ৰচুৰ উৎপাদন হ’লে ঘৰত দেৱী লক্ষ্মী বাস কৰে বুলি কোৱা হয়।

ৰঙা কাপোৰ এখনত তুলসী গুটি কেইটামান বান্ধি নিজৰ পইচা থোৱা বাকচত ৰাখক। ফলত ঘৰত ধন-সম্পত্তি বাঢ়িব।

কিছু গংগা পানী আৰু কিছু তুলসী গুটি একেলগে মিহলাই এটা বাটিত ৰাখিলে ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰিব। সেই পানী গোটেই ঘৰটোত ছটিয়াই দিব। ইয়াৰ ফলত ঋণাত্মক শক্তি হ্ৰাস হ’ব।

পঢ়া টেবুলত সৰু পাত্ৰ এটাত কিছু তুলসী গুটি ৰাখিব যাতে ল’ৰা-ছোৱালীক পঢ়া-শুনাৰ প্ৰতি আকৰ্ষিত হয়। এই কাম পৰিষ্কাৰ কাপোৰ পিন্ধি কৰিব লাগে আৰু তুলসী গুটি থোৱা পাত্ৰটোও যাতে পৰিষ্কাৰ হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

Related Articles