ইফতাৰ পাৰ্টি আয়োজন কৰি চৰ্চাত টি ভি অভিনেতা কৰণ কুন্দ্ৰা…

কৰণ কুন্দ্ৰাই ‘ইছক মেইন ঘয়াল’ৰ চেটত ইফতাৰ পাৰ্টিৰ আয়োজন কৰিছিল, অভিনেতাগৰাকীৰ এই কামত অনুৰাগীসকল আপ্লুত হয়। চেলিব্ৰিটিসকলেও পালন কৰিছে ৰমজান মাহ। বলীউড আৰু টিভি উদ্যোগত ইফতাৰ পাৰ্টি বিখ্যাত। শেহতীয়াকৈ কৰণ কুণ্ড্ৰাই ইফতাৰৰ আয়োজন কৰিছিল। ইছক মেইন ঘয়ালৰ চেটত ইফতাৰ পাৰ্টিৰ আয়োজন কৰিছিল। তেওঁৰ এই কাৰ্য অনুৰাগীয়ে বৰ ভাল পাই।

বৰ্তমান কৰণ কুণ্ড্ৰাক দেখা গৈছে টিভি শ্ব’ ‘ইছক মেইন ঘয়াল’ত। তেওঁৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰিম শ্বেইখ আৰু গশমীৰ মহাজনীয়ে। শ্বুটিঙৰ পৰা বিৰতি লৈ কৰণ কুণ্ড্ৰাই চেটতে ইফতাৰ পাৰ্টিৰ আয়োজন কৰিছিল। চচিয়েল মিডিয়াত তীব্ৰ ভাইৰেল হৈ পৰিছে কৰণৰ ইফতাৰ পাৰ্টিৰ ছবি।প্ৰশংসা কৰিছে অনুৰাগীয়ে-

কৰণ কুন্দ্ৰাই বহু টিভি শ্ব’ত কাম কৰিছে। ‘ইছক মেইন ঘয়াল’ৰ পূৰ্বে তেওঁক ‘লক আপ’ত জেইলাৰ হিচাপে দেখা গৈছিল। ইয়াৰ উপৰিও তেওঁ এটা নৃত্য অনুষ্ঠানো আয়োজন কৰিছিল। ‘বিগ বছ ১৫’ ছবিখনতো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল অভিনেতাগৰাকীয়ে।

Related Articles