Breaking

তৃতীয় মৰাণ গ্ৰন্থমেলাত মৰাণ কুইজ ফ’ৰামৰ পৰিচালনাৰে অসমভিত্তিত দুখনকৈ কুইজ প্ৰতিযোগিতা সম্পন্ন…

0 61

মৰাণ নাগৰিক সমাজৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত আয়োজিত তৃতীয় মৰাণ গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি ইংৰাজী ৩ ডিচেম্বৰ তাৰিখে দুখনকৈ মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। এখন দ্বাদশ শ্ৰেণীলৈকে মুকলি আন্তঃ বিদ্যালয় প্ৰাইজমণি কুইজ প্ৰতিযোগিতা আৰু আনখন সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা। আন্তঃবিদ্যালয় কুইজখনৰ মুখ্য পৃষ্ঠপোষকতা আগবঢ়াই আমেৰিকান ইণ্ডিয়া ফাউনডেশ্বনে।দ্বাদশ শ্ৰেণীলৈকে মুকলি কুইজ প্ৰতিযোগিতাখনত চেম্পিয়ন হয় ধেমাজিৰ শান্তনু চাংমাই আৰু ধৃষ্ণিময় তামুলী, দ্বিতীয় শ্ৰেষ্ঠ দল বকতা পাৰিজাত মধ্য ইংৰাজী বিদ্যালয়ৰ আই কিউ খাম ফুকন আৰু চেপন জাতীয় বিদ্যালয়ৰ জাগৰণ গগৈয়ে। তৃতীয় স্থান অধিকাৰ কৰে সোণাৰি জাতীয় বিদ্যালয়ৰ বৰ্ণিল গগৈ আৰু সৌৰনীল গগৈয়ে, চতুর্থ স্থানত মৰাণৰ বন্দিতা শৰ্মা আৰু প্ৰদ্যুত কলিতা, পঞ্চম স্থানত সোণাৰি জাতীয় বিদ্যালয়ৰ যুগজ্যোতি উৰাং আৰু শিৱমজ্যোতি উৰাং তথা ষষ্ঠ স্থানত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰান্তিক দত্ত আৰু অৰিন্দম গগৈয়ে। কুইজখন মৰাণ কুইজ ফ’ৰামৰ ৰাজ্জাক আলী, পল্লৱী বৰপাত্ৰ গোহাঁই, প্ৰীতম ভট্টাচার্য আৰু মানস ফুকনে পৰিচালনা কৰে।


আনহাতে অসমৰ বিভিন্ন প্ৰান্তৰ কুইজ প্ৰতিযোগীৰ অংশগ্রহণেৰে অসম ভিত্তিত মুকলি প্ৰাইজমণি কুইজ প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ যায়। ডাউন টাউন গুৰুকুল, মৰাণে মুখ্য পৃষ্ঠপোষকতা কৰা কুইজ প্ৰতিযোগিতাখনত গুৱাহাটী মেডিকেল কলেজ হস্পিটালৰ চয়ন মজুমদাৰ আৰু যোৰহাটৰ জ্যোতিস্মান গগৈয়ে চেম্পিয়ন হবলৈ সক্ষম হয়, দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয় যোৰহাটৰ স্পন্দন প্ৰীয়ম আৰু বিক্ৰম বৰা, তৃতীয় শ্ৰেষ্ঠ দল অসম চিকিৎসা মহাবিদ্যালয়ৰ পাৰ্থ প্ৰতীম কাশ্যপ আৰু সত্য ৰঞ্জন বিশ্বাল। চতুর্থ স্থান অধিকাৰ কৰে মৰাণ আৰু শিৱসাগৰৰ যুটী ব্ৰনচন শৰ্মা আৰু নবনীতা ভূঞা, পঞ্চম স্থানত শিৱসাগৰ আৰু ঢকুৱাখনাৰ যুটী সাগৰ শৰ্মা আৰু বিজিত লাহন তথা ষষ্ঠ স্থান অধিকাৰ কৰে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ কৌশিক ৰঞ্জন চেতিয়া আৰু পাৰঙ্গম শৰ্মাই। শ্ৰেষ্ঠ দৰ্শকৰ সন্মান লাভ কৰে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বন্দিতা শৰ্মাই। কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে পাৰ্থ প্ৰতীম ফুকনে, সহযোগিতা আগবঢ়াই ৰাজ্জাক আলী, প্ৰীতম ভট্টাচার্য, পল্লৱী বৰপাত্ৰ গোহাঁই, মানস ফুকনে। সমগ্ৰ কুইজৰ অনুষ্ঠানটি আঁত ধৰে মৰাণ কুইজ ফ’ৰামৰ সভাপতি মাধুৰ্য পৱন দিহিঙ্গীয়াই। গ্ৰন্থমেলা আয়োজক সমিতি, দুয়োখন কুইজৰ মুখ্য পৃষ্ঠপোষক তথা উপস্থিত ৰাইজে দুয়োখন কুইজৰ অনুষ্ঠান সুন্দৰকৈ পৰিচালনা কৰাৰ বাবে মৰাণ কুইজ ফ’ৰামক প্ৰশংসাৰে উপচায় পেলায়।

Leave A Reply

Your email address will not be published.