Breaking

বিশ্ব দৰবাৰত জিলিকিছে দুখনকৈ অসমীয়া ছবি

0 2,035

অসমীয়া চলচিত্ৰ সমূহে ইটোৰ পিছত সিটোকৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে ।  গোল্ডেন জুৰী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ চিনেমাৰ সন্মান লাভ কৰিছে কৃপাল কলিতা পৰিচালিত ‘ব্ৰীজ’ নামৰ চিনেমাখনে ।

উল্লেখযোগ্য যে, অকলেণ্ড চলচিত্ৰ সমাৰোহত ছবিখনৰ প্ৰিমিয়াৰ হৈ গৈছে আৰু এই বছৰ ৫১তম ভাৰতীয় পেনোৰামালৈ একমাত্ৰ চিনেমা হিচাপে নিৰ্বাচিত হোৱা ‘ব্ৰীজ’ চিনেমাখনে বিশ্বৰ ১৬ খনকৈ অধিক চলচিত্ৰ সমাৰোহলৈ আমন্ত্ৰিত হৈছে ।

আনফালে, শেহতীয়াকৈ “লাইফ ইন এ পাপেট”  শীৰ্ষক ছবিখনে লাভ কৰিছে বহুল চৰ্চা। উক্ত ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰায় চাৰিটা শাখাত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । পর্ট ব্লেয়াৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় শাখাত শ্ৰেষ্ঠ ছবিৰ লগতে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । কালদিয়া নদীৰ কাষত কেৱলমাত্ৰ কেনন ৫ ডি কেমেৰাৰে আগষ্ট মাহত শ্বুটিং সম্পন্ন কৰা এই ছবিখনে অসমৰ পুতলা নাচৰ ইতিহাসৰ লগতে ছবিখনত বৰ্ণোৱা হৈছিল ডাইন হত্যাৰ লগতে সম্প্ৰতি অসমৰ কিছু নিয়ম-নীতি । অসম তথা অসমীয়ালৈ বিভিন্ন সময়ত গৌৰৱ কঢ়িওৱাৰ ক্ষেত্ৰত সদায় আগৰণুৱা হৈ থকা অসমীয়া চলচিত্ৰ সমূহত একোটা বিষয়বস্তুৰ উচ্চ মানদণ্ডৰ উপস্থাপন দেখিবলৈ পোৱা যায় ।

লগতে পঢ়ক :

Leave A Reply

Your email address will not be published.