Breaking

গুৱাহাটী পৌৰ নিগমত কৰ্মৰত চাফাই কৰ্মচাৰীৰ যাতায়াতৰ সুবিধাৰ বাবে দুখন বাছ মুকলি…

0 14

গুৱাহাটী পৌৰ নিগমৰ মেৰুদণ্ড স্বৰূপ আৰু মহানগৰীখনক পৰিষ্কাৰ – পৰিস্কৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা নিগমৰ চাফাই কৰ্মচাৰী সকলৰ দৈনন্দিন যাতায়াতৰ সুবিধাৰ বাবে নিগম কৰ্তৃপক্ষই অশোক লিলেণ্ড কোম্পানীৰ দুখন বাছ ক্ৰয় কৰিছে। আজি নিগমৰ যানশালা কাৰ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত মাংগলিক কাৰ্যৰ মাজেৰে বাছ দুখন মুকলি কৰে নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই। এই উপলক্ষে নিগমৰ যানশালা বিভাগৰ কাৰ্যবাহী অভিযন্তা পংকজ চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানত ভাষণ প্ৰসংগত মেয়ৰ মৃগেন শৰণীয়াই কয় বাছ দুখনে

গুৱাহাটী পৌৰ নিগমৰ অধীনত বিভিন্ন স্থানত চাফাই কাৰ্যত নিয়োজিত হৈ থকা চাফাই কৰ্মী সকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে সময় আৰু ধন উভয়ে ৰাহি কৰিব বুলি আশা কৰা হৈছে । অনুষ্ঠানত নিগমৰ ৫ নম্বৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা হিৰণ্য কুমাৰ হাজৰিকাকে ধৰি কেবাজনো বিষয়া – অভিযন্তা , পাৰিষদ অসীম শইকীয়া উপস্থিত আছিল। উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমে প্ৰদূষণ মুক্ত ভাৰত অভিযান (NCAP) আঁচনিৰ অধীনত কিছুদিন পূর্বে ৩

খন পানী ছটিওৱা বাহন (water sprinkler vehicle) ক্ৰয় কৰিছিল। বৰ্তমান, গুৱাহাটী চহৰৰ পথৰ পৰিষ্কাৰ ব্যবস্থা অধিক কার্যক্ষম আৰু পৰিবেশসুলভ কৰিবলৈ আৰু ৩ খন পানী ছটিওৱা বাহন ক্ৰয় কৰা হৈছে। এতিয়া মুঠ ছয়খন পানী ছটিওৱা বাহনে চহৰৰ বিভিন্ন পথত ধূলিৰ উপদ্ৰৱ কিছু হলেও নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। ফলত নাগৰিক সকলে অলপ হলেও সকাহ লাভ কৰিব বুলি আশা কৰা হৈছে।

লগতে পঢ়ক : শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তিৰোভাব তিথিৰ আয়োজন ! শ্বিলঙৰ তিনিটাকৈ নামঘৰত চলি আছে ভাদ মাহৰ এমহীয়া নাম – প্ৰসংগ…

Leave A Reply

Your email address will not be published.