জাজৰিত দুদিনীয়া জিকিৰ-জাৰীৰ কৰ্মশালাৰ সফল সামৰণি

জাজৰি আঞ্চলিক জিকিৰ-জাৰী চৰ্চা মঞ্চৰ উদ্যোগত আৰু জিকিৰ জাৰী চৰ্চা আৰু গবেষণা মঞ্চ অসমৰ সহযোগত যোৱা ১১আৰু ১২ নৱেম্বৰত নিচানতল সমূহীয়া ভৱনত দুদিনীয়া জিকিৰ জাৰীৰ এটি কৰ্মশালা অনুষ্ঠিত হৈ যায়।

কাৰ্যসুচী অনুসৰি ১১ নবেম্বৰৰ পুৱা ৯ বজাত পতাকা উত্তোলন,১০ বজাত আদৰণি পৰ্ব,১০-৩০ বজাত কৰ্মশালা উদ্বোধন ১১ বজাত জিকিৰ প্ৰশিক্ষণ কৰ্মশালা, ৪-৩০ বজাত জাৰী প্ৰশিক্ষণ কৰ্মশালা আৰু ৫-৩০ বজাত জাৰী নৃত্য প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

১২ নৱেম্বৰৰ পুৱা ৮-৩০ বজাত জিকিৰ প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।২বজাত জাজৰি আঞ্চলিক জিকিৰ-জাৰী চৰ্চা মঞ্চৰ সভাপতি আব্দুল হাচিমৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হৈ যায়। মুকলি সভাত প্ৰশিক্ষক তথা অনাতাঁৰ শিল্পী মুকিবুৰ ৰহমান আৰু ৱাজিদুৰ ৰহমানক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰশিক্ষাৰ্তী সকলকো প্ৰশংসা পাত্ৰ দিয়া হয়।

মুকলি সভা খনত জাজৰি আঞ্চলিক জিকিৰ-জাৰী চৰ্চা মঞ্চৰ উপদেষ্টা আবুল খায়েৰ আহমেদ আৰু নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত চন্দ্ৰ মহন্তই প্ৰায় ১৬৩৬ খ্ৰীষ্টাব্দত সুদুৰ বাগদাদৰ পৰা আহি অসমত থিতাপি লোৱা আজান ফকিৰ চাহাবৰ স্ব-ৰচিত জিকিৰ জাৰী গীত আৰু নৃত্য সমুহৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ দিয়ে।

এই মুকলি সভাত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জাজৰি আঞ্চলিক জিকিৰ-জাৰী চৰ্চা মঞ্চৰ সাংস্কৃতিক সম্পাদিকা আছফিয়া চুলতানাই জিকিৰ গাই জাজৰি ভাষীক আপ্লুত কৰি তোলে।

এই মুকলি সভাত অনাতাঁৰ শিল্পী নেকিবুৰ ৰহমান,চৰাইবাহী বিদ্যালয়ৰ অধ্যাপিকা ড০ নাজমা বেগমকে আদি কৰি জিকিৰ জাৰী চৰ্চা আৰু গবেষণা মঞ্চ অসমৰ একাংশ বিষয় ববীয়া উপস্থিত আছিল।

Related Articles