Breaking

অসমত দুটাকৈ ভূঁইকঁপ

0 93

শনিবাৰে পুৱা ৰিখটাৰ স্কেলত ৩.৬ আৰু ২.৮ প্ৰাবল্যৰ এটাৰ পিছৰ পৰা আন এটা ভূমিকম্পই মধ্য অসম জোকাৰি যায়। অৱশ্যে, ভূমিকম্প দুটাত কোনো লোক আঘাত বা সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা পোৱা নাই।

ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ৰিখটাৰ স্কেলত ৩.৬ প্ৰাবল্যৰ প্ৰথম ভূমিকম্প পুৱা ৯.০৩ বজাত ৰেকৰ্ড কৰা হৈছিল, ইয়াৰ কেন্দ্ৰস্থল ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত থকা যোৰহাট জিলাৰ তিতাবৰৰ ওচৰত ৫০ কিলোমিটাৰ গভীৰতাত আছিল।

চুবুৰীয়া জিলা শিৱসাগৰ, কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ লোকসকলেও এই ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত থকা লখিমপুৰতো কম্পন অনুভৱ কৰিছিল। নগালেণ্ডৰ উত্তৰ-পশ্চিম অংশৰ বহুতো অঞ্চলত ভূমিকম্প অনুভৱ কৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

ৰিখটাৰ স্কেলত ২.৮ প্ৰাবল্যৰ দ্বিতীয়টো কম্পন দিনৰ ১১.০২ বজাত পঞ্জীয়ন কৰা হৈছিল, যাৰ কেন্দ্ৰস্থল আছিল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দৰং জিলাৰ দলগাঁৱৰ ওচৰত৷

এই ভূমিকম্প ৯ কিলোমিটাৰ গভীৰতাত আছিল৷ ভূমিকম্পটো ওদালগুৰি, বাক্সা আৰু শোণিতপুৰ জিলাত বাস কৰা লোকসকলে অনুভৱ কৰে৷ আনহাতে মৰিগাঁৱত থকা লোকসকলেও জোকাৰণি অনুভৱ কৰে৷

Leave A Reply

Your email address will not be published.