Breaking

Two encounters in J-K’s : জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত ২ উগ্ৰপন্থী

15

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নিয়ন্ত্ৰণ ৰেখা (এলঅ’চি)ত সেনাৰ সৈন্যই অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰাৰ ফলত গুলীচালনাত দুজন সশস্ত্ৰ উগ্ৰপন্থী নিহত হয় (Two encounters in J-K’s)। সোমবাৰে বিষয়াই এই কথা প্ৰকাশ কৰে ৷

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নিয়ন্ত্ৰণ ৰেখা (এলঅ’চি)ত সেনাৰ সৈন্যই অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰাৰ ফলত গুলীচালনাত দুজন সশস্ত্ৰ উগ্ৰপন্থী নিহত হয় (Two encounters in J-K’s)। সোমবাৰে বিষয়াই এই কথা প্ৰকাশ কৰে ৷ সামাজিক মাধ্যম এক্সত দিয়া এটা পোষ্টত সেনাৰ জম্মু-ভিত্তিক হোৱাইট নাইট কৰ্পছে কয় যে অনুপ্ৰৱেশৰ সম্ভাৱ্য প্ৰচেষ্টা সন্দৰ্ভত চোৰাংচোৱা সংস্থা আৰু আৰক্ষীৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি লামৰ সাধাৰণ এলেকাত ৮ আৰু ৯ ছেপ্টেম্বৰৰ মাজনিশা অনুপ্ৰৱেশ বিৰোধী অভিযান আৰম্ভ কৰা হৈছিল।

“দুজন সন্ত্ৰাসবাদীক নিহত আৰু দুটা একে-৪৭ আৰু এটা পিষ্টলসহ বৃহৎ পৰিমাণৰ যুদ্ধসদৃশ সামগ্ৰী উদ্ধাৰ কৰা হৈছে ৷ এলেকাটোত অনুসন্ধান অভিযান চলি আছে“৷ এইদৰে সেনাই প্ৰকাশ কৰে ৷ সেনা বিষয়াসকলে কয় যে সেনাৰ সৈন্যই অঞ্চলটো বেৰি ধৰিছিল আৰু এনকাউণ্টাৰৰ (encounters )পিছত গোটেই ৰাতি ইয়াক কঠোৰ নিৰীক্ষণৰ অধীনত ৰাখিছিল আৰু পুৱতী নিশাৰ পৰা অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছিল। সেনাই কয় যে অনুসন্ধান অভিযান এতিয়াও চলি আছিল। উল্লেখ্য যে জম্মু আৰু কাশ্মীৰত উগ্ৰপন্থীৰ অভিযান নিয়মীয়াকৈ চলি আছে৷ কিন্তু এই অভিযান ভাৰতীয় সেনাই প্ৰতি সময়তে প্ৰতিহত কৰি আহিছে ৷ শেহতীয়াকৈ এই এলেকাত কেইবাটাও উগ্ৰপন্থী সেনাৰ গুলীত নিহত হৈছে ৷

ঠিকসেইদৰে কিছুমাহ আগত জম্মু-কাশ্মীৰৰ (Jammu and Kashmir) কুপৱাৰা জিলাত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় ভাৰতৰ নিৰাপত্তা বাহিনী। কুপৱাৰা জিলাৰ মচিল ছেক্টৰত সংঘটিত হৈছিল এই ঘটনা । জম্মু-কাশ্মীৰৰ উৰিত দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত এগৰাকী সেনা বিষয়াও আহত হৈছিল। সেনাই পাকিস্তানৰ আন্তঃসেৱা চোৰাংচোৱা সংস্থা আৰু সন্ত্ৰাসবাদী সংগঠনে মহিলা আৰু নাবালকৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰ আৰু বাৰ্তা প্ৰেৰণৰ বিপজ্জনক পদক্ষেপ পোহৰলৈ আহিছে বুলি উল্লেখ কৰিছিল। উল্লেখ্য যে আৰক্ষীয়ে এক টুইট যোগে সদৰী কৰিছিল এই খবৰ। টুইটটোত উল্লেখ কৰা মতে, কুপোৱাৰা জিলাৰ দোবানাৰ মাছল অঞ্চলত সেনা আৰু কুপৱাৰা আৰক্ষীয়ে এই যৌথ অভিযান চলাইছিল।

Published by: Jebin Sultana

Comments are closed.