Breaking

পঞ্জাৱত বিজেপিৰ উপ-সভাপতিসহ দুই প্ৰাক্তন মন্ত্ৰীৰ কংগ্ৰেছত যোগদান…

0 46

এইবাৰ পঞ্জাৱত বিজেপিত ভাঙোনে দেখা দিছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱ বিজেপিত হোৱা বৃহৎ বিভাজনে দলটোক সংকটতত পেলাইছে।পঞ্জাৱ বিজেপিৰ উপ-সভাপতিকে ধৰি কেইবাজনো প্ৰাক্তন মন্ত্ৰীয়ে দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে। বিজেপি নেতাসকলৰ লগতে শিৰোমণি আকালি দলৰ কেইবাজনো নেতাই কংগ্ৰেছত যোগদান কৰিছে।

বিজেপিৰ উপ-সভাপতি ৰাজকুমাৰ ভেৰ্কাই শনিবাৰে কংগ্ৰেছত যোগদান কৰে। দুজন প্ৰাক্তন মন্ত্ৰী বলবীৰ সিং সিদ্ধু আৰু গুৰপ্ৰীত কাংগাৰ। বিজেপিৰ উপৰি শিৰোমণি আকালি দলৰ (এছএডি) পৰাও কেইবাজনো গুৰুত্বপূৰ্ণ নেতাই কংগ্ৰেছত যোগদান কৰিছে। এই তালিকাখনত প্ৰাক্তন মন্ত্ৰী হংসৰাজ যোশী, প্ৰাক্তন বিধায়ক জিত মহিন্দৰ সিং আৰু মহিন্দৰ সিং ৰিনৱাও আছে। মোহালিৰ প্ৰাক্তন মেয়ৰ অমৰজিৎ সিঙেও কংগ্ৰেছত যোগদান কৰিছে।

কংগ্ৰেছত যোগদান কৰাসকলৰ ভিতৰত ৰাজকুমাৰ ভেৰ্কা ৰাজ্যিক বিজেপিৰ উপ-সভাপতি আছিল। ৰাজকুমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ এজন ঘনিষ্ঠ ব্যক্তি বুলি পৰিচিত। তেওঁ বিজেপিৰ বৰ্তমানৰ ৰাজ্যিক সভাপতি সুনীল জাখৰৰো অনুগামী। তেওঁ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি সুনীল জাখৰৰ সৈতে বিজেপিত যোগদান কৰিছিল। পিছলৈ সুনীল বিজেপিৰ সভাপতি হৈছিল আৰু ৰাজকুমাৰ বৰ্কা উপ-সভাপতি হৈছিল। অৱশ্যে, গেৰুৱা দলৰ প্ৰতি মোহভঙ্গ হোৱাৰ বাবে ৰাজকুমাৰ ভেৰ্কাই শুক্ৰবাৰে বিজেপি ত্যাগ কৰে আৰু শনিবাৰে কংগ্ৰেছত যোগদান কৰে।

Leave A Reply

Your email address will not be published.