Breaking

বনৰীয়া হাতীৰ জাকটোৱে ভাঙিলে চেলেক চাপৰিত দুটা ঘৰ

0 2,254

যোৱা তিনিমাহৰ পৰা বোকাখাত মহকুমাৰ মহুৰা আৰু ৰঙামাটি মৌজাৰ উত্তৰ অংশত বিচৰণ কৰি কৃষক ৰাইজৰ পথাৰৰ শস্য খাই গচকি নষ্ট কৰা বনৰীয়া হাতীৰ জাকটো ক্ৰমাত আক্ৰমণাত্মক হৈ উঠা দেখা গৈছে৷প্ৰথম অৱস্থাত ৰাতি কৃষকৰ পথাৰত প্ৰবেশ কৰি পথাৰৰ শস্য অনিষ্ট কৰা হাতীৰ জাকটোৱে টৰ্চ লাইট অথবা মানুহৰ চিঞৰ বাখৰ আদিলৈ ভয় কৰিছিল ৷ কিন্তু এতিয়া ক্ৰমাত পথাৰ সমুহত খাদ্য কমি অহাৰ লগে লগে খেদি যোৱা মানুহলৈও চোঁচা লোৱাৰ খৱৰ পোৱা গৈছে৷জানিব পৰা মতে বুধবাৰে ৰাতি উক্ত বনৰীয়া হাতীৰ জাকটোৱে চেলেক চাপৰিৰ জীতেন মিলি আৰু মনিবৰ মিলিৰ ঘৰ ভাঙি পেলোৱাৰ ওপৰিও কেইবা ঘৰ বাৰিৰ জেওৰা ভাঙি শাক পাচলি আদি গচকি খায় নষ্ট কৰে ৷ দিন অতিবাহিত হোৱাৰ লগে লগে হাতীৰ জাকটোৱে আৰু অধিক অনিষ্ট কৰি ভঁৰালৰ আদিলৈ লক্ষ্য কৰাৰ আগতে বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণৰ কৰিবলৈ অনুৰোধ জনাছে স্থানীয় ৰাইজে৷

Leave A Reply

Your email address will not be published.