Breaking

নগাঁও আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী, ড্ৰাগছ সহ দুই লাখ টকা জব্দ

0 48

দৈনন্দিন বাৰ্তাৰ সেৱা, নগাঁও, ৭ নৱেম্বৰঃ নগাঁও আৰক্ষীয়ে নগাঁও সদৰ থানাৰ অন্তৰ্গত চিলঙনীত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ এজন দুদ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ীক ধৰিবলৈ সক্ষম হয়। দুপৰীয়া প্ৰায় ১ বজাত হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবেদুৰ ৰহমান আৰু নগাওঁ নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া কুণ্ডন ৰবি দাসৰ নেতৃত্বত যোৱা আৰক্ষীদলে এক গোপন সূত্ৰৰ পম খেদি চিলঙনীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই।

জব্দ হোৱা ড্ৰাগছ

আৰক্ষীক দেখাৰ লগে লগে ড্ৰাগছ সৰবৰাহকাৰী দলটো পলায়নৰ চেষ্টা কৰে। আৰক্ষীয়ে পিছে পিছে খেদি গৈ ধাননিৰ মাজত আব্দুল হাই নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও চাদ্দাম হুছেইনে নামৰ আন এজন ড্ৰাগছ ব্যৱসায়ী পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা বুজন পৰিমাণৰ হি’ৰইন আৰু দুই লক্ষাধিক টকা জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ধাননিৰ মাজত লুকুয়াই থোৱা অবস্থাৰ পৰা ধনখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে তেওঁৰ পৰা ১৯ টা হি’ৰইনৰ কন্টেইনাৰ জব্দ কৰে। উল্লেখ্য যে এই ড্ৰাগছ সৰবৰাহকাৰী কেইজনে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।

Leave A Reply

Your email address will not be published.