Breaking

নগৰবেৰাৰ টুপামাৰীত ভূমি কেন্দ্ৰিক বিবাদত মাৰপিটত আহত দুজনকৈ লোক…

0 34

নগৰবেৰাৰ টুপামাৰীত ভূমি কেন্দ্ৰিক বিবাদ। মাৰপিটত আহত দুজনকৈ লোক । প্ৰাপ্ত তথ্য অনুসৰি ৰাস্তা বেয়া হোৱাৰ বাবে টেক্টৰ চলাচল বন্ধ কৰিবলৈ গাওঁ খনৰ আলী উদ্দিনৰ লগত কেইটামান ৰাস্তাত খুটি পুতিবলৈ লয় ।

সময়ত ৰশিদ আলী আৰু তেওঁৰ পৰিয়ালে ৰাস্তা খন সিহঁতৰ নিজ মাটিত বুলি কৈ খুটা পুতিবলৈ বাধা দিয়ে ।ভূমি লৈ দীৰ্ঘদিনৰে পৰা দুই ফৈদৰ মাজত বিবাদ বুলি উল্লেখ কৰে ৰশিদ আলীৰ পৰিয়ালে । পিছত দুই ফৈদৰ মাজত বাক বিতণ্ডা আৰু তাৰ পাছত সংঘটিত হয় মাৰপিট ।

এই মাৰপিটত ৰশিদ আলী পক্ষৰ দুজনকৈ লোক আহত হয়, আহত দুজনক প্ৰথমে টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.