Breaking

লাহৰীঘাট আৰক্ষীৰ ৬ খন চুৰি ই-ৰিক্সাসহ দুই চোৰক আটক…

0 75

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ধূপগুৰিত শনিবাৰে নিশা প্ৰায় ৯.৩০ বজাত স্হানীয় ৰাইজে কৌশলগত ভাৱে এখন স্কুটিৰে আহি থকা ৰূপম আলী নামৰ এজন চোৰক কৰায়ত্ত কৰি লাহৰীঘাট আৰক্ষীক গতাই দিয়ে। লাহৰীঘাট আৰক্ষীয়ে আটকাধীন ই-ৰিক্সা চোৰক সোধপোচ কৰি ১ খন ই-ৰিক্সা উদ্ধাৰ কৰে, এই ই-ৰিক্সা খন গুৱাহাটীৰ পৰা চুৰি হৈছিল। আৰক্ষীয়ে ৰূপম আলীক জেৰা কৰাত ৰূপম আলীয়ে চাদ্দামৰ ঘৰ দেখুৱাই দিয়াত তাৰ পৰা এখন আৰু ভূঞাবাৰী গাঁৱৰ ইব্রাহীম আলীৰ ঘৰৰপৰা আৰু এটা ই-ৰিক্সা উদ্ধাৰ কৰে।

আৰক্ষীয়ে এই পৰ্যন্ত দুজন ই-ৰিক্সা চোৰক আটক কৰি মুঠ ৬ খন ই-ৰিক্সা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত ই-ৰিক্সা চোৰ দুটা ক্ৰমে মৰিগাঁও মৰিমুছলমান গাঁৱৰ ৰূপম আলী আৰু ভূঞাবাৰী গাঁৱৰ ইব্রাহীম আলী আৰু এজন ই-ৰিক্সা চুৰি কাৰ্যত চাদ্দাম হুছেইন বৰ্তমান পলাতক আছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.