Breaking

তেতেলিয়াৰ পৰা দুই সপ্তাহে সন্ধানহীন শিক্ষয়িত্রী…

0 31

গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত তেতেলিয়াৰ পৰা এগৰাকী শিক্ষয়িত্রী দুই সপ্তাহ ধৰি সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।সন্ধানহীন হোৱা শিক্ষয়িত্ৰী গৰাকী হল কনকলতা দাস(বুলি )। জানিব পৰা মতে যোৱা ১২ জুলাইত তেওঁ তেতেলিয়াৰ ঘৰৰ পৰা কিছু নিলগত থকা তেতেলীয়া বড়ি এল পি স্কুললৈ আহি থকাৰ সময়তে সন্ধানহীন হয়।

সেইদিনা নিশা পর্যন্ত শিক্ষয়িত্ৰীগৰাকী ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ সদস্যসকলে সম্ভাব্য সকলো স্থানত বিচাৰ-খোঁচাৰ কৰি কোনো সম্ভেদ উলিয়াব নোৱাৰি পাছত ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।ইফালে কোনো লোকে মহিলাগৰাকীক প্রত্যক্ষ কৰিলে তেঁওৰ পুত্ৰ ময়ুসৰাজ দত্তৰ সৈতে ৮৭২৩৮-৫৮৫৪৬ বা ৭০০২১-৯৫২৩৫ মবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.