Breaking

Road Accident: অচিনাক্ত বাহনে খুন্দিয়াই থৈ গ’ল দৰঙৰ দুগৰাকী মহিলাক…

0 36

মৃত্যুদূতত পৰিণত হৈছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ। অচিনাক্ত বাহনৰ খুন্দাত নিহত দুই মহিলা। দৰঙৰ পিপৰা দোকানৰ সমীপৰ শাকতোলাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰথ দুৰ্ঘটনা সংঘটিত হৈছে৷ প্ৰাত:ভ্ৰমনলৈ অহা দুগৰাকী মহিলাক অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায়৷ এগৰাকী মহিলা থিতাতে নিহত আন এগৰাকীক সংকটজনক অৱস্থাত মঙলদৈ অসমৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় ৷


দুৰ্ঘটনাটোত থিতাতে নিহত হয় ৰিনা বৰুৱা আৰু চিকিৎসালয়ত মৃত্যু হয় জাহ্নু বৰুৱা নামৰ মহিলাগৰাকী। নিহত মহিলা দুগৰাকী পটালচিং পাৰাৰ বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ মনত ৰাখিব! বংগ জ্বলিলে অসম, বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু দিল্লীও জ্বলি যাবঃ মমতা বেনাৰ্জী…

Leave A Reply

Your email address will not be published.