ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ চন্দনপুৰ এলেকাৰ দাঁতি-কাষৰীয়া অঞ্চল বগৰীবাৰীৰ ইডিচিৰ সভাপতি আহমদ আলী,বগৰীবাৰী গাঁও ৰক্ষী বাহিনী, নদীৰ পাৰ গাঁও ৰক্ষী বাহিনী আৰু কাচোম মাৰী গাওঁ ৰক্ষী বাহিনীয়ে এক গোপন সুত্ৰে জানিব পাৰে যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত দুষ্প্ৰাপ্য পিপলী চেঙ চিকাৰ কৰিবলৈ কেইজনমান ব্যক্তি ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিব, সেইমতে গোটেই কেইটা দলে দেওবাৰে নিশা টহল দি থকা অৱস্থাত প্ৰায় ১১ মান বজাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অবৈধ ভাবে মাছ মাৰিবলৈ অহা দুজন যুৱক আৰু এগৰাকী মহিলাক প্ৰত্যক্ষ কৰে।
লগে লগে ব্যক্তি কেইজন পলাই যাব খোজিছিল যদিও গাওঁ ৰক্ষী বাহিনী আৰু ইডিচিৰ প্ৰচেষ্টাত তিনিও জনকে আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ব্যক্তি কেইজন ক্ৰমে ওমেদ আলী (৩০)এচমিন আলী (২৮)আৰু জেহিৰুন নেছা (৩০)।
আটাইকেইজনৰে ঘৰ কাচোম মাৰী চোনাৰী বুলি জানিব পৰা গৈছে। এই ব্যক্তি কেইজনৰ পৰা এশ আঠ খন বৰশী, টৰ্চলাইট আৰু হাত মোজা উদ্ধাৰ কৰা হৈছে।ব্যক্তি কেইজনে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত দুষ্প্ৰাপ্য মাছ পিপলী চেঙ চিকাৰ কৰিবলৈ যোৱা বুলি স্বীকাৰ উক্তি দিয়ে।
ইয়াৰ লগে লগেই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষকক খবৰ দিয়ে ইডিচি বগৰীবাৰীৰ সভাপতি আহমদ আলীয়ে আৰু লগে লগেই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনপালক প্ৰনৱ ডেকা, মমী বসুমতাৰী আৰু চন্দনপুৰ বনচকীৰ বনকৰ্মীৰ দল এটাই তিনি জন ব্যক্তিক আটক কৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনবিষয়াৰ কাৰ্যালয়লৈ আহে আৰু তাৰ পৰা মঙ্গলদৈ আদালতলৈ প্ৰেৰণ কৰে।