Udali Doctor Torture Case:উদালীৰ চিকিৎসক নিৰ্যাতন-কাণ্ডৰ ১২ অভিযুক্তক ১০ বছৰৰ জেল-জৰিমনা

গুৱাহাটী, ২২ নৱেম্বৰঃ ১ জুন ২০২১ত হোজাই জিলাৰ লংকাৰ ফুলতলি(Phultali Model Hospital) আদৰ্শ চিকিৎসালয়ত(Udali Doctor Torture Case) থকা কভিড কেয়াৰ(COVID-19) কেন্দ্ৰত এগৰাকী কৰ্তব্যৰত চিকিৎসক সেউজ কুমাৰ সেনাপতি আৰু ললিতা ভৰালী নামৰ এগৰাকী নাৰ্ছৰ ওপৰত সংঘটিত বৰ্বৰ আক্ৰমণৰ ঘটনাত জড়িত মুঠ ১২ অভিযুক্তক শুকুৰবাৰে হোজাই জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে দোষী সাব্যস্ত কৰি এক ৰায়দান কৰে৷

তদানীন্তন উদালী চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ ইমৰান হুছেইনে ঘটনা সংক্ৰান্তত হোজাই(Hojai) জিলাৰ লংকা(Lanka) থানাত ৩৭০/২১ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল৷

গোচৰটোৰ তদন্তকাৰী বিষয়াই অতি ক্ষীপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া সমাপন কৰি মাত্ৰ ২৮ দিনৰ ভিতৰত শংকৰদেৱ নগৰত থকা আদালতত চাৰ্জশ্বীট দাখিল কৰিবলৈ সক্ষম হয়৷

ৰাজ্য কঁপোৱা উদালী কাণ্ডৰ গোচৰটোৰ তদন্ত কৰিছিল হোজাই জিলাৰ তদানীন্তন উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰে৷

প্ৰাপ্ত অভিযোগ অনুসৰি উদালী কভিড কেয়াৰ কেন্দ্ৰত নাগেশ্বৰ চৌহান নামৰ এগৰাকী চিকিৎসা কৰ্মীৰ অৱহেলাত লংকাৰ পিপলপুখুৰী গাঁৱৰ গিয়াছ উদ্দিন নামৰ এগৰাকী কভিড ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উদালী চিকিৎসালয়ত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল৷

পৰৱৰ্তী মৃত গিয়াছ উদ্দিনৰ এদল উন্মাদ আত্মীয়ই কভিড চিকিৎসালয়ত প্ৰৱেশ কৰি কৰ্তব্যৰত কনিষ্ঠ চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক বৰ্বৰভাৱে আক্ৰমণ কৰে৷

উন্মাদৰ দলটোৱে চিকিৎসালয়খনৰ ৰাজহুৱা সা-সম্পত্তিৰো বিস্তৰ ক্ষতিসাধন কৰে৷ চিকিৎসক নিৰ্যাতনৰ পিচতে অসমৰ চৌদিশে ব্যাপক গণ প্ৰতিবাদ আৰম্ভ হৈছিল৷

অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি), ১৪৩/ ৩৪২/ ৪৪৭/ ৩৩৩/ ৩০৭/ ৩৫৩/ ৪২৭ ধাৰাৰ লগতে প্ৰিভেনশ্বন অৱ ডেমেজ পাব্লিক প্ৰপাৰ্টি এক্টৰ আৰ/ডব্লিউ ৩ (২) ধাৰা, ডিজেষ্টাৰ মেনেজমেন্ট এক্টৰ আৰ/ডব্লিউ ধাৰাৰ ৫১ (বি)ৰ লগতে ‘দ্যা আচাম মেডিকেয়াৰ চাৰ্ভিচ পাৰ্চন এণ্ড মেডিকেয়াৰ চাৰ্ভিচ ইনষ্টিটিউচনচ (প্ৰিভেনশ্বন অৱ ভায়লেন্স এণ্ড ডেমেজ টু প্ৰপাৰ্টি) এক্ট ২০১১’-ৰ আৰ/ডব্লিউ ধাৰাৰ ৫ আৰু ৬ মতে আদালতত চাৰ্জশ্বীট দাখিল কৰা হয়৷

গোচৰটোত মুঠ ৩৬ জন লোকক অভিযুক্ত কৰা হয়৷ তাৰে তিনি গৰাকী আছিল নাবালক অভিযুক্ত৷ গোচৰটোত ৪৬ জন লোকৰ সাক্ষীবাদী গ্ৰহণেৰে আদালতত ৬৩৯ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰা হৈছিল৷ গোচৰটোত সকলো পক্ষৰ শুনানী গ্ৰহণৰ অন্তত আজি আদালতে ১২ জন লোকক দোষী সাব্যস্ত কৰি ৰায়দান কৰে৷

আদালতে দোষী সাব্যস্ত কৰা অভিযুক্ত কেইজন হৈছে ক্ৰমে কমৰ উদ্দিন, হিলাল উদ্দিন, গুলনেহাৰ বেগম, তাইজুৰ ৰহমান, জিয়াবুৰ ৰহমান, মকবুল, ফয়জুৰ ৰহমান, আব্দুৰ ৰহমান, তৈয়বুৰ ৰহমান, জেছিম উদ্দিন ওৰফে পাপ্পু বৰভূঞা, নজৰুল ইছলাম আৰু মফিজুৰ ৰহমান৷

লগতে আদালতে ধাৰা ৬ (৩) এপিডেমিক ডিচিজ আইন ২০২০ মতে ১ লাখ টকাৰ জৰিমনা, একে ধাৰাৰ ৬(২) মতে ৫০ হাজাৰ টকাৰ জৰিমনা, ‘দ্যা আচাম মেডিকেয়াৰ চাৰ্ভিচ পাৰ্চন এণ্ড মেডিকেয়াৰ চাৰ্ভিচ ইনষ্টিটিউচনচ (প্ৰিভেনশ্বন অৱ ভায়লেন্স এণ্ড ডেমেজ টু প্ৰপাৰ্টি) এক্ট ২০১১’-ৰ আৰ/ডব্লিউ ধাৰাৰ ৫ আৰু ৬ মতে ১৫ হাজাৰ টকা আৰু ২০ হাজাৰ টকাৰ জৰিমনা বিহে৷

চিকিৎসক নিগ্ৰহৰ ঘটনাৰ হোজাই জিলা আৰু সত্ৰ আদালতৰ ৰায়দানক আদৰণি জনাইছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে৷ গোচৰটোত চৰকাৰী অধিবক্তা ৰূপে যুক্তি দৰ্শায় অমৰজ্যোতি শইকীয়াই৷

Related Articles