Breaking

UGC NET ৰ প্ৰশ্নকাকত ফাদিল! অনুসন্ধানত যোৱা চিবিআইৰ দলক আক্ৰমণ বিহাৰত…

0 14

বিহাৰৰ নৱাদাত চিবিআই আৰু স্থানীয় আৰক্ষীৰ দলক আক্ৰমণ কৰে গাঁওবাসীয়ে। ভুৱা আখ্যা দি তদন্তকাৰী দলটোক আক্ৰমণ কৰা হয়। চিবিআইৰ দলটোৰ বাহনখনৰ চালকক বেয়াকৈ প্ৰহাৰ কৰে উত্তেজিত লোকে। জিলাখনৰ ৰজাউলী থানাৰ অধীনৰ মুৰহেনা-কাছিয়াদিহত সংঘটিত হৈছে এই ঘটনা। এই সন্দৰ্ভত ৰজাউলী থানাত এফআইআৰ দাখিল কৰা হৈছে, য’ত ৮ জন লোকৰ নাম উল্লেখ কৰা হৈছে। ১৫০-২০০ লোকক প্ৰাথমিক অভিযুক্ত কৰা হৈছে।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাৰিজন অভিযুক্তক ।শনিবাৰে প্ৰায় ৪ বজাত নৱাদা আৰক্ষী বাহিনীৰ সৈতে চিবিআইৰ দলটোৱে মুৰহেনাৰ কাছিয়াদিহ গাঁৱৰ নিবাসী ফুলচাঁদ প্ৰসাদ আৰু তেওঁৰ পত্নী ববিতা দেৱীৰ ঘৰত তালাচী চলাই উভতি আহিছিল। এই সময়ছোৱাত পৰিয়ালৰ লোকৰ লগতে প্ৰায় ২০০-৩০০ জন লোকৰ সমাগম ঘটে সেই স্থানত। অসামৰিক সাজ-পোছাক পৰিধান কৰা চিবিআইৰ দলটোক ভুৱা আখ্যা দি ঘেৰি ধৰিলে লোকসকলে।

চিবিআইৰ বিষয়াসকলে পৰিচয় পত্ৰ দেখুৱাইছিল যদিও উত্তেজিত দলটো পতিয়ন যোৱা নাছিল। নৱাদা নগৰ থানাৰ এগৰাকী মহিলা কনিষ্টবল কাজল কুমাৰীয়েও দলটোক পতিয়ন নিয়াবলৈ চেষ্টা কৰে। কিন্তু ভিৰৰ মাজত মানুহবোৰে তেওঁলোকৰ কথা নুশুনি অভব্য আচৰণ কৰিবলৈ ধৰিলে।এই সন্দৰ্ভত চিবিআইৰ দলে ৰজাউলী থানাৰ আৰক্ষীক খবৰ দিয়ে। ৰজাউলী থানাৰ পৰা আৰক্ষী বাহিনী অহাৰ পাচতহে পৰিস্থিতি স্বাভাৱিক হৈ পৰে। এই আক্ৰমণত চিবিআইৰ দলৰ গাড়ী চালক সঞ্জয় ছোনী আহত হোৱাৰ বিপৰীতে এজন বিষয়াৰ চাৰ্ট ফাটি যায়।মহিলা কনিষ্টবলগৰাকীৰ প্ৰতি অপমানজনক ভাষা ব্যৱহাৰ কৰে মুৰহেনা পঞ্চায়তৰ ১৬ নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ মিথিলেশ প্ৰসাদে।চিবিআইৰ বিষয়াসকলকো গালি-গালাজ কৰে লোকসকলে।কোৱা হৈছে যে UGC NET ৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত গ্ৰেপ্তাৰ হোৱা এজন যুৱকৰ তথ্য মতে কাছিয়াদিহৰ এগৰাকী যুৱতীৰ সন্ধানত চিবিআইৰ দলে অভিযান চলাইছিল৷ অভিযান কালত চিবিআইৰ দলটোৱে দুটাকৈ মোবাইল ফোনৰ লগতে কিছুমান বেংকৰ পাছবুক আৰু UGC NET ৰ সৈতে জড়িত কিছু নথি-পত্ৰ উদ্ধাৰ কৰে।অৱশ্যে নৱাদা আৰক্ষীয়ে জনোৱা মতে, চিবিআইৰ দলটোৱে দুটা মোবাইল ফোন জব্দ কৰি লগত লৈ গৈছে।

চিবিআই আৰু আৰক্ষী দলৰ ওপৰত সংঘটিত আক্ৰমণ সন্দৰ্ভত এফআইআৰ ৰুজু কৰা হৈছে। এগৰাকী যুৱতীসহ মুঠ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আটক কৰা লোকসকলৰ ভিতৰত আছে এগৰাকী মহিলা, ৰাজকুমাৰ কুমাৰ, লালন কুমাৰ আৰু কাছিয়াদিহ

গাঁৱৰ বাসিন্দা অমৰজীত কুমাৰ। সকলোকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

Leave A Reply