বহিঃৰাষ্ট্ৰ ইউক্ৰেইনত আৱদ্ধ হৈ আছে ডিব্ৰুগড় জিলাৰ ছয়জনকৈ শিক্ষাৰ্থী। ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত থকা ভয়াৱহ যুদ্ধ পৰিৱেশৰ মাজত ডিব্ৰুগড় জিলাৰ ছয়জনকৈ শিক্ষাৰ্থীৰ আৱদ্ধ হোৱাৰ খবৰে সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়া। ইতিমধ্যে ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে পৰিয়ালকেইটাক সাক্ষাৎ কৰি মত বিনিময় কৰাৰ লগতে আৱদ্ধ শিক্ষাৰ্থীসকলৰ লগতো যোগাযোগৰ ব্যৱস্থা কৰিছে। আমালৈ অহা খবৰ অনুসৰি চহৰখনৰ চিৰিংচাপৰি তৰুণৰাম ফুকনৰ নিৱাসী পিতৃ প্ৰেমানন্দ শৰ্মা ঠাকুৰ আৰু মাতৃ অঞ্জনা শৰ্মা ঠাকুৰৰ একমাত্ৰ কন্যা ৰীয়া শৰ্মাৰ বৰ্তমান আৱদ্ধ হৈ আছে ৰোমানিয়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত। Vinnytsia National pirogov Medical Universityৰ দ্বিতীয় সান্মাষিকৰ ছাত্ৰী ৰীয়াই যোৱা ২৮ ফ্ৰেব্ৰুৱাৰীত ইউক্ৰেইনৰ যুদ্ধৰ পৰিৱেশৰ মাজেৰে ৰোমানিয়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অগ্ৰসৰ হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।
সমান্তৰালকৈ চৌকিডিঙ্গিৰ নিৱাসী পিতৃ অৱসৰপ্ৰাপ্ত চিকিৎসক ডাঃ এ কে শৰ্মা আৰু মাতৃ শান্তনা শৰ্মাৰ একমাত্ৰ পুত্ৰ চিন্ময় শৰ্মাইয়ো ইউক্ৰেইন আৰু ৰোমানিয়া সীমান্তৱৰ্তী অঞ্চলত আৱদ্ধ হৈ থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। UZROD নেশ্যনেল ইউনিভাৰ্চিটিৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ চিন্ময়ে কালি নিশা এক বজাত পৰিয়ালৰ লোকৰ সৈতে টেলিফোনিক বাৰ্তালাপ হোৱাৰ পিছতেই বৰ্তমান বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ। ইফালে Oddessa National Medical Universityৰ 4th ষান্মাসিকৰ ছাত্ৰ জাভেদ আহমেদেও বৰ্তমান ৰোমানিয়াত আৱদ্ধ হৈ থকাৰ কথা পৰিয়ালৰ লোকে জানিবলৈ দিছে। সমান্তৰালকৈ চহৰখনৰ আৰক্ষী চাউনিৰ দৰ্শন পাঠক, অনয়া দাস, মৰানৰ অনচুল ভাটিয়াকে ধৰি মুঠ ছয়জন শিক্ষাৰ্থী হাংগেৰী, পোলেণ্ড, ৰোমানিয়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আৱদ্ধ হৈ আছে।আৰু ইয়াৰ পিছতেই পৰিয়ালৰ সদস্যসকলৰ মাজত এক শংকা পৰিৱেশ সৃষ্টি হৈছে। ইফালে এই সন্দৰ্ভত আজি ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে জানিবলৈ দিয়ামতে, ইতিমধ্যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আৱদ্ধ শিক্ষাৰ্থীসকলক প্ৰত্যাৱৰ্তনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। কম সময়ৰ ভিতৰতে তেওঁলোকে নিজ গৃহত উপস্থিত হ’ব বুলি প্ৰকাশ কৰিছে। আনহাতে ৰাজ্য চৰকাৰে এই সংক্ৰান্তত মুকলি কৰা হেল্পলাইন নম্বৰত যোগাযোগৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি সদৰি কৰিছে উপায়ুক্ত পেগুৱে।