ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে তেওঁলোকে দুয়োখন দেশৰ মাজত চলি থকা সংঘৰ্ষত প্ৰায় ৮০০ ৰাছিয়ান সৈনিক নিহত হৈছে। ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে লগতে কয় যে তেওঁলোকে ৩০ টা ৰাছিয়ান টেংক, ৭ খন বিমান, ৬ খন হেলিকপ্টাৰ ধ্বংস কৰিছে।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কৈছিল যে ৰাছিয়াৰ “ধ্বংসাত্মক গোটসমূহ” দেশখনৰ ৰাজধানী কিয়েভত প্ৰৱেশ কৰিছে। ৰাষ্ট্ৰপতিয়ে লগতে কয় যে যুদ্ধৰ প্ৰথম দিনাই কমেও ১৩৭ জন ইউক্ৰেনীয় নিহত হৈছে।