Breaking

মোদী-পুটিনৰ আলিংগনত অসন্তুষ্ট ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি…

0 21

ৰাছিয়াৰ ৰাষ্ট্ৰপতিক বন্ধুত্বৰ আলিংগন কৰাৰ পিচতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ ৰোষত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণক ‘শান্তি প্ৰতিষ্ঠাত মোক্ষম আঘাত’ বুলি অভিহিত কৰিছে ভলোডিমিৰ জেলেনস্কিয়ে৷উল্লেখ্য যে সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক মস্কোৰ এটা ঘৰত সাক্ষাৎ কৰ৷ উক্ত সাক্ষাতত দুয়োগৰাকী নেতাই আলিংগন কৰা দেখা গৈছিল৷ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সামাজিক মাধ্যম এক্স-ত এই সন্দৰ্ভত এটা পোষ্ট কৰে৷ তেওঁ কয় যে সেইটো দিনতে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়া ভ্ৰমণ কৰে, যিটো দিনত ইউক্ৰেইনৰ ৰাজধানী চহৰ কিয়েভস্থিত এখন শিশু চিকিৎসালয়ত ৰাছিয়াই মিছাইল আক্ৰমণ কৰে৷ এই আক্ৰমণৰ ফলত তিনিটা শিশুসহ ৩৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১৭০ গৰাকী লোক আহত হয়৷ ইউক্ৰেইনৰ নেতাগৰাকীয়ে কয়, ‘‘ ৰাছিয়াৰ নিৰ্মম মিছাইল আক্ৰমণৰ ফলত আজি ইউক্ৰেইনত ৩৭ জন লোক নিহত হয়৷ যাৰ ভিতৰত তিনিটা শিশুও আছে৷ ১৭০ গৰাকী লোক আহত হয়, যাৰ ভিতৰত ১৩ টা শিশু আছে৷ ইউক্ৰেইনৰ আটাইতকৈ ডাঙৰ শিশু চিকিৎসালয়খনত থকা কৰ্কট ৰোগীসকলক লক্ষ্য কৰি ৰাছিয়াই মিছাইল আক্ৰমণ কৰে৷ ফলত সকলো ধ্বংসস্তূপত পৰিণত হয়৷

বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ নেতাজনে এই দিনটোতে মস্কোত বিশ্বৰ আটাইতকৈ ডাঙৰ অপৰাধীক আলিংগন কৰাটো এক ডাঙৰ হতাশা আৰু শান্তি প্ৰচেষ্টাৰ ক্ষেত্ৰত বিধ্বংসী আঘাত৷’’আনহাতে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশেও মোদীৰ ৰাছিয়া ভ্ৰমণক সমালোচনা কৰে৷ ইউক্ৰেইনত ৰাছিয়াই আক্ৰমণ চলাই থকা সময়তে পুটিনক সাক্ষাৎ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰা দেখা যায় কংগ্ৰেছ নেতাগৰাকীয়ে৷এক্সৰ জৰিয়তে জয়ৰাম ৰমেশে প্ৰধানমন্ত্ৰী মোদীক স্বঘোষিত বিশ্বগুৰু আখ্যা দিয়ে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজকে বিশ্ববন্ধু উপাধিও দিছিল বুলি উল্লেখ কৰি জয়ৰাম ৰমেশে কয় যে ইউক্ৰেইনৰ এখন শিশু চিকিৎসালয়ত বোমা বিস্ফোৰণ হোৱাৰ দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী মস্কোত আছে৷ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাৰ কথা কোৱাটো এতিয়া কি হ’ল বুলি প্ৰশ্ন কৰে জয়ৰাম ৰমেশে৷উল্লেখ্য যে ২০২২ চনত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘৰ্ষ আৰম্ভ হোৱাৰ পিচত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে মস্কো ভ্ৰমণ কৰে সোমবাৰে৷ ভাৰতে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ সংঘৰ্ষৰ সমাধানৰ বাবে আলোচনা কৰি শান্তি ঘূৰাই অনাৰ পোষকতা কৰি আহিছে৷

Leave A Reply

Your email address will not be published.