Umesh Chetia: সাহিত্যিক পেন্সনাৰ, সাংবাদিক, ধেমাজি ৰত্ন উমেশ চেতিয়াৰ “৮৯ সংখ্যক ওপজা দিনৰ ওলগ আৰু শুভেচ্ছা” অনুষ্ঠান সম্পন্ন

সাহিত্যিক পেন্সনাৰ-সাংবাদিক উমেশ চেতিয়া ন্যাস পুজিৰ উদ্যোগত ধেমাজি ৰাইজৰ সহযোগত আৰু উমেশ চেতিয়া পৰিয়ালৰ আতিথ্যত উমেশ চেতিয়াৰ ৮৯ সংখ্যক ওপজা দিনৰ ওলগ আৰু শুভেচ্ছা অনুষ্ঠান অনুষ্ঠিত হৈ যায়।(Umesh Chetia)উমেশ চেতিয়া দেৱৰ ধেমাজি নগৰস্থিত ৰতনপুৰৰ আৱাসগৃহত দিনৰ ১১.৩০ বজাৰ পৰা উক্ত অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়। উমেশ চেতিয়া ন্যাস পুজি সমিতিৰ সভাপতি ডঃ পুষ্প গগৈ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত নৱ প্ৰজন্মৰ এজন প্ৰতিশ্ৰুতি সম্পন্ন উদীয়মান যুৱক ডঃ নৱ কুমাৰ চমুৱালৈ “উমেশ চেতিয়া ন্যাস যুৱ সাহিত্য বঁটা” প্ৰদান কৰা হয়। এই বঁটাত এটি মমেন্টো, এখনি প্ৰশংসা পত্ৰ, কিতাপৰ টোপোলা আৰু নগদ পাচ হাজাৰ টকা আগবঢ়োৱা হয়। উক্ত অনুষ্ঠানতে ডঃ নব কুমাৰ চমুৱাৰ দ্বাৰা সম্পাদিত “উমেশ চেতিয়া ৰচনাৱলী-১ (জীৱনী সাহিত্য সংগ্ৰহ) উন্মোচনৰ লগতে উমেশ চেতিয়াৰ এটি সংগ্ৰহালয় শুভ উদ্বোধন কৰা হয়।

উমেশ তেতিয়া ন্যাস পুঁজি সমিতিৰ সম্পাদক ডঃ অচ্যুৎ গগৈয়ে আতধৰা উক্ত অনুষ্ঠানত কাৰ্য্যকৰী সভাপতি তথা বিশিষ্ট নাট্যকাৰ বলীন বৰগোহাঞি, উপসভাপতি বিমল ৰাজখোৱা, সহ: সম্পাদক পুষ্পা চুতীয়া, যুগল সন্দিকৈ, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী ডঃ বুদ্ধিন্দ্ৰ বৰুৱা, ধেমাজি মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যাপক তথা সংগীত শিল্পী ডঃ বনজিৎ ভট্ট, ধেমাজি বানিজ্য মহাবিদ্যালয়ৰ অধ্যাপক তথা সংগীত শিল্পী ডঃ শংকৰ পাটোৱাৰী, ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনীতা চৌধুৰী গাৰোডিয়া, সমাজকৰ্মী নাৰ্মেশ্বৰ কাৰ্দং ,বিকাশ বৰুৱা ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ কুমাৰ গগৈ, উপ-সভাপতি , ৰঞ্জিত চিৰিং, সম্পাদক প্ৰেমানন্দ তালুকদাৰ, ধেমাজি সাহিত্য সভাৰ সভাপতি ডঃ লক্ষী প্ৰভা গোহাঁই, সম্পাদক দীপেন ভিতৰুৱাল কোৱৰ, অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী কৰৱী দেউৰী, দিব্য গগৈ, বিশিষ্ট সমাজসেৱী নিৰমা বৰুৱা, অসম কবি সন্মিলনৰ উপ-সভাপতি , ঊষা বৰগোঁহাই, ধেমাজি প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী দুৱৰা, সম্পাদক প্ৰদ্যুন্ন ভৰালী, দৈনন্দিন বাৰ্তা কাকতৰ কাৰ্য্যবাহী সম্পাদক ডিম্পুল চুতীয়া, সদৌ তাই আহোম ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোহাই, জিলা সভাপতি বাবুল বুঢ়াগোহাঁই, জ্যেষ্ঠ সাংবাদিক বীৰেন কোঁৱৰ, সংবাদ কৰ্মী অসীম দত্ত, জীৱন কোৱৰ, মনবিকাশ বৰগোঁহাই, লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি উমেশ চেতিয়াক ওপজা দিনৰ ওলগ জনাই।

ওৰেটো জীৱন সাহিত্য, শিক্ষা, সমাজৰ লগত জড়িত, উজনি অসম সমাজ সেৱা বটা, অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী বটা, সাহিত্য জ্যোতি বটা, সুৰেন্দ্ৰনাথ গগৈ বঁটা, ৰজনীকান্ত কলিতা বটা, কৰ্মযোগী বটা, ধেমাজি ৰত্ন সন্মানেৰে সন্মানিত, প্ৰায় ৩২ খন গ্ৰন্থ লিখি প্ৰকাশ কৰাৰ লগতে অসমৰ বিভিন্ন কাকত আলোচনীত প্ৰায় চাৰিশ মূল্যবান প্ৰৱন্ধ পাতি লিখি অসমীয়া সাহিত্য ভড়াল চহকী কৰা উমেশ তেতিয়াৰ ৮৯ সংখ্যক জন্ম দিনটোৰ শুভেচ্ছামূলক অনুষ্ঠানটিত গীত মাতৰ লগতে শিশু নৃত্য শিল্পী নেহা শকীয়াৰ নৃত্যই জীপাল কৰি তোলে।

Related Articles