Breaking

পকিবলৈ লোৱা বিস্তৃৰ্ণ খেতিপথাৰ পানীৰ তলত : ত্ৰাণ সাহায্য পঠিয়ালে বদৰুদ্দিন আজমলে ।

0 28

আব্দুল হাকিম,ডবকা  

মৰ্মান্তিক দৃশ্য, যিফালে চকু যায় পানীয়েই পানী৷ পিছে ঠাইখন কোনো নদী নহয়, খাল-বিল নহয়৷ এই পানীৰ তলত বুৰ গৈ আছে কৃষকৰ বছৰটোক লৈ দেখা সমস্ত সপোন৷ হোজাই জিলাৰ যোগীজানৰ কান্দুলিমাৰী, বাৰফুটীয়া গাঁও এতিয়া পানীৰ তলত৷ সপোনৰ খেতি পথাৰ, সোণোৱালী হৈ অহা ধান খেতিৰ এতিয়া চিন চাব নাই৷ যিফালে চকু যায় পানীয়েই পানী৷ নিজৰ খেতিডৰা, ঘৰ দুৱাৰ এৰি থৈ মানুহে তিথাপি লৈছে মথাউৰিত৷ অকনমান খাদ্য, এখন ত্ৰিপালৰ বাবে য’ত হাহাকাৰ৷ৰাইজৰ বিপত্তি দেখি সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু মহম্মদ ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশত আজি আজমল চিএছআৰৰ অধীনস্থ স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা আৰিফৰ এটা দলে খাদ্য সামগ্ৰী, ত্ৰিপাল আদি বিতৰণ কৰি ৰাইজক কিছু সকাহ দিয়ে৷ হোজাইৰ কেন্দুগুৰি, বজ্ৰপুৰ আদি এলেকাতো ত্ৰাণ সাহায্য দিয়ে মৰ্কজৰ স্বেচ্ছাসেৱকৰ দলে৷ চিৰা, পানী, বিস্কুট, চাবোন আদি বানপীড়িত ৰাইজক প্ৰদান কৰে৷ লক্ষ্যণীয় কথাটো হৈছে আজমল চিএছআৰৰ মুখ্য কাৰ্যবাহী বিষয়া মৌলানা বদৰুদ্দিন আজমল চাহাবে ভিডিঅ কলৰ জৰিয়তে ত্ৰাণ সাহায্য বিতৰণ কাৰ্যসূচীৰ তদাৰক কৰে৷

Leave A Reply

Your email address will not be published.