Unemployment: এটি পৰ্যালোচনা, অসমৰ পৰমুখাপেক্ষী জনতা, নিবনুৱা সমস্যা, কৰ্মসংস্থাপনহীনতা ইত্যাদি…

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বৰ্তমান সময়ত আটাইতকৈ ভয়াৱহ সমস্যাটোৱেই হৈছে নিবনুৱা সমস্যা। চৰকাৰে লাখৰ হিচাবত বিভিন্ন বিভাগত নিবনুৱা যুৱক-যুৱতীসকলক নিযুক্তি দিয়াৰ কথা কৈছে যদিও এই নিবনুৱা সমস্যাৰ কিন্তু আজিলৈ ফলপ্ৰসু সমাধান হোৱা নাই।(Unemployment)এতিয়াও অসমৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে এটা কৰ্মসংস্থাপনৰ বাবে হাবাথুৰি খাই ফুৰিব লগা হৈছে। যাৰ ফলত একাংশই ড্ৰাগ্‌ছ, মদ-জুৱাত নিমজ্জিত হৈ নিজকে শেষ কৰি দিছে আৰু একাংশই হাতত অস্ত্ৰ তুলি ল’বলৈ বাধ্য হৈছে। আনহাতে, অসমৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে এটা কৰ্মসংস্থাপনৰ আশাত বহিঃৰাজ্যলৈ ঢাপলি মেলিব লগা হৈছে দিনে দিনে।

আৰু বহিঃৰাজ্যলৈ গৈ সাধাৰণ কাম এটা ন্যূনতম মজুৰিত কৰিব লগা হৈছে। তদুপৰি তাত তেওঁলোক এশ শতাংশ নিৰাপদ নহয়। আনহাতে, অসমত থকা বৃহৎসংখ্যক নিবনুৱা যুৱক-যুৱতীক সংস্থাপিত কৰিব পৰাকৈ কোনো বৃহৎ উদ্যোগ প্ৰতিষ্ঠান আদি গঢ় লৈ উঠা নাই। যিকেইটা উদ্যোগ অসমত আছিল সেইকেইটাও বৰ্তমান মৃত্যুগহবৰত সোমাই পৰিছে। এই উদ্যোগসমূহৰ ভিতৰত আছিল জাগীৰোড, ধুবুৰী আৰু কাছাৰৰ কাগজ কল, ধুবুৰীৰ জুইশলা উদ্যোগ, নামৰূপৰ সাৰ কাৰখানা, ছিপাঝাৰৰ প্ৰাগ বছিমী, ৰঙিয়াৰ এপল’ টেক্সটাইল আদি উদ্যোগ বৰ্তমান বন্ধ হৈ গৈছে। আজি এইসমূহ উদ্যোগ যদি কাৰ্যক্ষম হৈ থাকিলহেঁতেন সেইবোৰ উদ্যোগৰ জৰিয়তে বহু হাজাৰ যুৱক-যুৱতীয়ে কৰ্মসংস্থান লাভ কৰিবলৈ সক্ষম হ’লহেঁতেন। তদুপৰি উক্ত প্ৰতিষ্ঠানসমূহত পূৰ্বে যিসকল কৰ্মচাৰীয়ে কাম কৰি আছিল সেই উদ্যোগ প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰাত তাত কৰ্মৰত লোকসকল পুনৰ কৰ্মসংস্থাপনহীন হৈ পৰিল। যাৰ ফলত তেওঁলোক পুনৰ নিবনুৱা হৈ পৰাত তেওঁলোকৰ দুখ কুলাই-পাচিয়ে নধৰা হৈ পৰিল। ফলত সেইসকল লোকে বা যুৱক-যুৱতীয়ে দিশহাৰা হৈ বিপথে পৰিচালিত হ’বলৈ বাধ্য হৈ পৰিছে। নহ’লে যে তেওঁলোকৰ ঘৰ-সংসাৰ নচলে।

নিবনুৱা সমস্যা দিনে দিনে বৃদ্ধি হোৱাৰ ইয়ো নিশ্চয় এটা মুখ্য কাৰণ। অলপতে অসম চৰকাৰৰ উদ্যোগত গুৱাহাটীত এড্‌ভাণ্টেজ আছাম-০২ অনুষ্ঠিত কৰি দেশৰ লগতে বিদেশৰো বহুকেইগৰাকী উদ্যোগপতিক আমন্ত্ৰণ কৰি আনি অসমত বিনিয়োগ কৰাৰ বাবে আহ্বান জনাইছে। আশাৰ কথা যে সেইসকল উদ্যোগপতি ব্যৱসায়ীয়েও অসমত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে। কিন্তু কথা হ’ল সেয়া কেতিয়া হ’ব আৰু কিমান অসমীয়া যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিব। অৱশ্যে এড্‌ভাণ্টেজ আছাম-০১ৰ জৰিয়তে জাগীৰোডত ছেমিকণ্ডাক্টৰৰ কাম-কাজ আৰম্ভ হৈছে। এয়া শুভ লক্ষণ। কিন্তু কথা হ’ল আমাৰ যিকেইটা উদ্যোগ প্ৰতিষ্ঠান আছিল সেইকেইটা কিয় বন্ধ হ’ব লগা হ’ল। সেইকেইটাও সমানে চলোৱাৰ ব্যৱস্থা কৰি লাগিছিল। এই ক্ষমতা চৰকাৰৰ নিশ্চয় আছে। তেতিয়া হয়তো একাংশই কৰ্মসংস্থাপন হেৰুৱাই অসহায় জীৱন-যাপন কৰিব লগা নহ’লহেঁতেন। এইকেইটা অসমৰ উদ্যোগ প্ৰতিষ্ঠান চলাই ৰাখিব নোৱৰাটো আমাৰ অসমৰ বাবেই দুৰ্ভাগ্যজনক কথা। তদুপৰি আৰু বহুত ক্ষুদ্ৰ উদ্যোগ অসমত আছে। যিবোৰৰ অৱস্থা বৰ্তমান ফলপ্ৰসু নহয়। যদি এই উদ্যোগসমূহৰ ক্ষেত্ৰতো চৰকাৰে অধিক গুৰুত্বসহকাৰে লৈ আগবাঢ়ে তেনেহ’লে নিবনুৱা সমস্যা সমাধানত বহুখিনি সকাহ পাব পৰা গ’লহেঁতেন। আনহাতে, অৰ্থনৈতিক ক্ষেত্ৰতো আমাৰ ৰাজ্যখন বহু দূৰ আগুৱাই যাব পাৰিলেহেঁতেন। গতিকে বৰ্তমান যদিও এক লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিয়াৰ কথা কোৱা হৈছে, দ্ৰুত হাৰত অসমৰ ক্ষুদ্ৰ উদ্যোগকে ধৰি ডাঙৰ উদ্যোগসমূহৰ মৃত্যুৱে কিন্তু নিবনুৱা সমস্যা বৃদ্ধিত বাৰুকৈয়ে অৰিহণা যোগাই আহিছে।


আনহাতে, আন এটা কথাই আমাৰ দেশৰ লগতে অসমৰ মানুহক এক অনিশ্চিত ভৱিষ্যতৰ দিশে লৈ গৈ থকা যেনহে ধাৰণ কৰা হৈছে। এফালে যেনেদৰে ৰাজ্যখনত নিবনুৱা সমস্যাই এক জটিল পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে, ঠিক তেনেদৰে আমাৰ ৰাজ্যখনৰ মানুহখিনি পৰমুখাপেক্ষী অৰ্থাৎ পৰজীৱী এক শ্ৰেণীলৈহে ৰূপান্তৰ হোৱা যেন অনুমান কৰা হৈছে। নিৰ্বাচনৰ অংক কৰিয়েই ভাৰতৰ ৰাজনৈতিক দলসমূহে জনসাধাৰণক নানা ধৰণৰ বিনামূলীয়া সুবিধা প্ৰদান বা আৰ্থিক অনুদান যেনেদৰে দি আহিছে অথবা নিতৌ ঘোষণা কৰি আহিছে, এই কথাবোৰে জনসাধাৰণক আত্মনিৰ্ভৰশীল হোৱাত বাধা দিছে। ফলত দিনে দিনে এলেহুৱা হৈ পৰিছে আমাৰ মানুহবোৰ। এয়া আমাৰ দৰে এখন অনুন্নত ৰাজ্যৰ ভৱিষ্যতৰ বাবে অশুভ ইংগিত। ৰাজনৈতিক দলবোৰে এনে বিনামূলীয়া সুবিধা ঘোষণা কৰি জনসাধাৰণক আকৰ্ষিত কৰাৰ চেষ্টা কৰাক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ব্যক্ত কৰা অসন্তুষ্টি এইক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ বিষয় বুলি বিবেচিত হৈছে। ‘নগৰীয়া গৃহহীন লোকৰ আশ্ৰয়ৰ অধিকাৰ’ শীৰ্ষক এটা শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে ৰাইজক দিয়া এই বিনামূলীয়া সুবিধাৰ জৰিয়তে এটা পৰজীৱী শ্ৰেণীৰ সৃষ্টি কৰা বুলি প্ৰশ্ন কৰি উদ্বিগ্নতা প্ৰকাশ কৰিছে। ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ এ জি মাছিয়ে উল্লেখ কৰা মতে, বিনামূলীয়া ৰেচন আৰু নগদ ধন লাভ কৰাৰ ফলত মানুহ ক্ৰমান্বয়ে এলেহুৱা আৰু কৰ্মবিমুখ হৈ পৰিছে। পৰিণামস্বৰূপে এটা পৰমুখাপেক্ষী শ্ৰেণীৰ জন্ম হৈছে। যিটো ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত ভৱিষ্যতে এক ডাঙৰ বাধাৰ সৃষ্টি হ’ব নিশ্চয়। কাৰণ দিনে দিনে মানুহে যেতিয়া ঘৰতে বহি সকলোখিনি বস্তু বিনা পইচাতে লাভ কৰিব তেতিয়া তেওঁলোকে আৰু বাহিৰত কাম বিচাৰি নাযায়। ফলত কৰ্মবিমুখ হৈ এক এলেহুৱা জীৱন কটোৱাৰ বাহিৰে অন্য উপায় নাথাকিব। আৰু এটা সময়ত এইসকল লোকেই আমাৰ ৰাজ্যখনৰ বাবে এক ব’ব নোৱৰা বোজা হৈ পৰিব। লগে লগে নিবনুৱা সমস্যাই আৰু অধিক ভয়াৱহ ৰূপত গা কৰি উঠিব। একাংশই হাড় ভঙা কষ্ট কৰিব আৰু একাংশই ঘৰতে বহি বিনামূলীয়া আঁচনি উপভোগ কৰি ক্ষন্তেকীয়া সুখনিদ্ৰাত সপোন দেখি থাকিব। এনেদৰে দেশৰ উন্নয়ন সম্ভৱনে? তাকে নকৰি সকলোকে তেওঁলোকৰ যোগ্যতা অনুসৰি কামৰ বিনিময়ত সুবিধা দিয়াৰ ব্যৱস্থা কৰিব পাৰিলে ইয়ে আমাৰ ৰাজ্যখনৰ লগতে নিজৰো উন্নয়ন সম্ভৱ হ’ব। লগতে পৰজীৱী শ্ৰেণীটোৰো জন্ম নহ’লহেঁতেন। এতিয়া এনে এক পৰিৱেশৰ সৃষ্টি হৈছে যে সকলোৱে নিৰ্বাচন আহিলেই যেন ভাল পায়। কাৰণ নিৰ্বাচনৰ সময়ত এই বিনামূলীয়া আঁচনি আৰু বিনা কষ্টতে পাব পৰাকৈ টকাৰ বৰষুণ আহে বানপানী অহাৰ দৰে। কিন্তু ভয়াৱহ কথাটো হৈছে কিমান দিনলৈ এই দিয়া-লোৱাৰ খেলখন চলি থাকিব ?

যিদিনাই এই খেলখন বন্ধ হ’ব সিদিনা কি হ’ব এই পৰজীৱী শ্ৰেণীটোৰ ? যিমানেই আঁচনি ঘোষণা কৰি আছে সিমানেই দেখোন হিতাধিকাৰীৰ সংখ্যা বাঢ়িয়েই আছে। ইয়াৰ অৰ্থ এয়ে যে এই আঁচনিসমূহে এজনো নিবনুৱাৰ সংখ্যা কমাব পৰা নাই বৰং বঢ়াইহে আছে। এনেকৈ হ’বলৈ হ’লে এক শ্ৰেণী লোক সদায়ে হিতাধিকাৰী হৈ পৰমুখাপেক্ষী হৈ থাকি যাব লাগিব। আচলতে যদি এই শ্ৰেণীটোত পৰা লোকখিনিক আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগবোৰ উন্নত কৰি সেই উদ্যোগসমূহত নিয়োগৰ ব্যৱস্থা কৰি কামৰ বিনিময়ত মজুৰি দিয়া ব্যৱস্থা কৰিব পৰা গ’লহেঁতেন তেতিয়াহ’লে নিশ্চয় কিছু পৰিমাণে হ’লেও আজি নিবনুৱা সমস্যা সমাধানৰ বাট মুকলি হ’লহেঁতেন। আনহাতে, বহু শিক্ষিত যুৱক-যুৱতী কৰ্মসংস্থাপনৰ অভাৱত বিপথে পৰিচালিত হৈছে, হাতত বন্দুক তুলি লৈছে, একাংশই সংস্থাপনৰ কোনো বাট নেদেখি দ্ৰাগ্‌ছ আদি নিচাজাতীয় দ্ৰব্যৰ সৈতে নিজকে বিলীন কৰি দিছে। যাৰ ফলত বহুতো সম্ভাৱনাপূৰ্ণ যুৱক-যুৱতী ধ্বংসৰ গৰাহত পৰিছে। একাংশ যুৱক-যুৱতী ঢাপলি মেলিছে বহিঃৰাজ্যলৈ কৰ্মসংস্থাপন বিচাৰি। একাংশ উচ্চশিক্ষিত যুৱক-যুৱতীয়ে পিয়ন-চকীদাৰৰ চাকৰিৰ বাবে সাক্ষাৎকাৰত বহিব লগা হৈছে। এনেবোৰ কথাই ভয়াৱহ ভৱিষ্যতৰে ইংগিত বহন কৰিছে। গতিকে আমি সকলোৱে কথাবোৰ ভালদৰে বিবেচনা কৰিব লাগিব। নহ’লে আমি সদায়ে অসমৰ উন্নয়নৰ কথা, নিবনুৱা সংস্থাপনৰ কথা আলোচনা কৰি থাকোতেই দিনবোৰ পাৰ হ’ব। কিন্তু সমস্যা সদায় সমস্যা হৈয়ে থাকিব।

লেখকঃ ভূপেন মহন্ত

Related Articles