Breaking

ৰঙিয়াত পৰিত্যক্ত অৱস্থাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

0 20

ৰঙিয়াত পৰিত্যক্ত অৱস্থাত অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় । ঘটনাৰ বিৱৰণী অনুসৰি পুৱতি নিশা ৰঙিয়াৰ সমীপৰ শিঙিমাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় । শিঙিমাৰীৰ এখন ধাননি পথাৰত উদ্ধাৰ হৈছে মৃতদেহটি। ডিঙি আৰু মুখমণ্ডলত সম্পূৰ্ণৰূপে স্পষ্ট আছে আঘাতৰ চিন । লগতে নিহত লোকজনৰ পেন্টৰ পকেটৰ পৰা উদ্ধাৰ হৈছে নলবাৰী জিলাৰ পাইকাৰকুছি স্থিত প্ৰণিতা ৰেষ্টুৰেন্টৰ এখন ভিজিটিং কাৰ্ড ।

পিছত ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো ৰঙিয়া আৰক্ষী থানালৈ লৈ আনে । বৰ্তমানলৈ কোনো ধৰণৰ পৰিচয় উদ্ধাৰ নিহত লোকজনৰ পৰিচয় লাভ কৰা নাই । সম্প্ৰতি ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Leave A Reply