আজিৰে পৰা আৰম্ভ হ’ব কেন্দ্ৰীয় বাজেট অধিৱেশন। পুৱা ১১ বজাত ৰাষ্ট্ৰপতিৰ অভিভাষণেৰে আৰম্ভ হ’ব বাজেট। বাজেট অধিৱেশন এইবাৰ অনুষ্ঠিত হ’ব দুটা পৰ্যায়ত।(Union Budget 2025)
প্ৰথম পৰ্যায়ত আজিৰে পৰা ১৩ ফেব্ৰুৱাৰীলৈ আৰু দ্বিতীয় পৰ্যায়ত ১০ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈ অনুষ্ঠিত হ’ব।
শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব কেন্দ্ৰীয় বাজেট। বাজেট দাখিলৰ পূৰ্বে আজি অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে।
বাজেটত এইবাৰ কৰৰ ব্যাপক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা। অৱশ্যে বাজেটত এইবাৰ দিল্লীক কেন্দ্ৰ কৰি বিশেষ ঘোষণা কৰিব নোৱাৰিব বিত্তমন্ত্ৰীয়ে।