মোডী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম খন সম্পূৰ্ণ বাজেট। আজি নিৰ্মলা সীতাৰমণে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট। (Union budget 2025)
বাজেটত কি কি উল্লেখ কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে-
১২ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত আয়কৰ আৰোপ কৰা নহ’ব।বাজেটত মধ্যবিত্ত শ্ৰেণীৰ বাবে সকাহ দিয়াৰ কথা ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।তেওঁ কয় যে চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ ওপৰত নিৰ্ভৰশীল। “গতিকে এই সিদ্ধান্ত লোৱা হৈছে।” বছৰি ১২ লাখ টকালৈ আয়কৰ ৰেহাই দিছে কৰৰ ক্ষেত্ৰত। অৰ্থাৎ ১ লাখ টকাৰ মাহিলী উপাৰ্জনত কৰ দিব নালাগে১২ৰ পৰা ১৫ লাখ টকাৰ আয়ত ১৫ শতাংশ কৰ দিব লাগিব। ১৫ৰ পৰা ২০ লাখ টকাৰ আয়ত ২০ শতাংশ আৰু ২০ৰ পৰা ২৫ লাখ টকাৰ আয়ত ২৫ শতাংশ দিব লাগিব।
বাজেটত জ্যেষ্ঠ নাগৰিকৰ বাবেও ডাঙৰ ঘোষণা কৰিলে নিৰ্মলা সীতাৰমণে। ৬০ বছৰৰ ওপৰৰ লোকৰ বাবে এক লাখ টকাৰ মানক কৰ্তন ঘোষণা কৰিছে।
কেন্সাৰকে ধৰি দুৰাৰোগ্য ৰোগৰ বাবে ব্যৱহাৰ কৰা ৩৬টা জীৱন ৰক্ষাকাৰী ঔষধৰ ওপৰত কৰ বৃদ্ধি কৰা হৈছে। বাজেট দাখিলৰ সময় ঘোষণা কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। তদুপৰি ৬টা জীৱন ৰক্ষাকাৰী ঔষধৰ ৫% শুল্ক প্ৰত্যাহাৰ কৰাৰ কথাও ঘোষণা কৰে। লিথিয়াম বেটাৰীৰ বাবেও শুল্ক ৰেহাই ঘোষণা কৰা হৈছে।
২০২৫ বিত্তীয় বৰ্ষত ৰাজহৰ ঘাটি ৪.৮ শতাংশ। এই মন্তব্য বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ।
অহা সপ্তাহত সংসদত দাখিল কৰা হ’ব নতুন আয়কৰ বিধেয়ক। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰী শনিবাৰে বাজেট ভাষণত এই কথা ঘোষণা কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে নতুন আয়কৰ আইন প্ৰণয়ন হ’লেই কৰদাতাসকলে পৰ্যাপ্ত সকাহ পাব। বীমাত প্ৰত্যক্ষ বিদেশী বিনিয়োগ ১০০ শতাংশলৈ বৃদ্ধি কৰা হ’ব বুলিও নিৰ্মলা সীতাৰমণে ঘোষণা কৰে।
বাজেটত ‘জল জীৱন মিছন’ প্ৰকল্পৰ সময়সীমা ২০২৮ চনলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰা হয়। বিত্তমন্ত্ৰীগৰাকীয়ে ১ লাখ গৃহ নিৰ্মাণৰ দ্ৰুত কাম সম্পূৰ্ণ কৰাৰ বাবে ১৫ হাজাৰ কোটি টকা আবণ্টন দিয়াৰ কথাও ঘোষণা কৰে। ইয়াৰ উপৰিও ষ্টাৰ্টআপ ফাণ্ডত আৰু ১০ হাজাৰ কোটি টকা আবণ্টন দিয়াৰ কথা ঘোষণা কৰে।
দেশত ১২০টা নতুন বিমানবন্দৰ নিৰ্মাণৰ কথা ঘোষণা কৰে। ইয়াৰ ভিতৰত বিহাৰত তিনিটা নতুন বিমানবন্দৰ নিৰ্মাণৰ ঘোষণা। অহা ১০ বছৰত আঞ্চলিক বিমানবন্দৰ আয়োজন কৰিবলৈ ১০০ টাতকৈও অধিক নতুন স্থান।
কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্বৰে শীৰ্ষ ৫০ খন পৰ্যটনস্থলী উন্নয়ন কৰিব।
বিহাৰত স্থাপন হ’ব নেশ্যনেল ইনষ্টিটিউট অৱ ফুড টেকন’লজি। ইয়াৰ উপৰিও পাটনা বিমানবন্দৰ সম্প্ৰসাৰণ কৰা হ’ব। পাটনা বিমানবন্দৰৰ উন্নয়নৰ বাবে আবণ্টন ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে হকাৰসকলৰ বাবে ইউপিআই লিংকড ক্ৰেডিট কাৰ্ড উপলব্ধ কৰা হ’ব। নগৰখনৰ পুনৰ নিৰ্মাণৰ বাবে এক লাখ কোটি টকা আবণ্টন দিয়া হ’ব। ক্ষুদ্ৰ মডিউলাৰ নিউক্লিয়াৰ ৰিয়েক্টৰৰ বাবে ২০ হাজাৰ কোটি টকা আবণ্টন।
বিত্তমন্ত্ৰীয়ে অহা পাঁচ বছৰত চিকিৎসা মহাবিদ্যালয়সমূহত ৭৫ হাজাৰ আসন বৃদ্ধিৰ কথা ঘোষণা কৰে। অহা বছৰ ১০ হাজাৰ আসন বৃদ্ধি কৰা হ’ব। তদুপৰি নিৰ্মলা সীতাৰমণে সকলো জিলা চিকিৎসালয়তে কেন্সাৰ চেণ্টাৰ সৃষ্টিৰ কথা ঘোষণা কৰে। ৩ বছৰত মুঠ ২০০০ টা কেন্সাৰ চেণ্টাৰ নিৰ্মাণ কৰা হ’ব।
আঠ কোটি মহিলা, এক কোটি নতুন মাতৃ আৰু ১৮ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ পুষ্টি আঁচনি ঘোষণা। চৰকাৰী মাধ্যমিক বিদ্যালয়ত ব্ৰডবেণ্ড সেৱা সংযোজন কৰাৰ লগতে আই আই টিৰ সংখ্যা বৃদ্ধিৰ সিদ্ধান্তও ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।
মহিলা উদ্যোগীসকলৰ বাবে নতুন ঘোষণা। প্ৰথম পাঁচ লাখ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মহিলা উদ্যোগীয়ে দুইকোটি টকা পৰ্যন্ত ঋণ লাভ কৰিব। বাজেট দাখিল কৰাৰ সময়তে এই ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।
কিষাণ ক্ৰেডিট কাৰ্ডত উপলব্ধ ঋণৰ পৰিমাণ বৃদ্ধি কৰা হ’ব। তিনি লাখৰ পৰা পাঁচ লাখলৈ বৃদ্ধি কৰা হ’ব। বাজেট দাখিলৰ সময় ঘোষণা কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। লগতে মাছমৰীয়াসকলৰ বাবে এক বিশেষ অৰ্থনৈতিক মণ্ডল সৃষ্টি কৰা হ’ব বুলিও তেওঁ কয়।
খাব পৰা তেল আৰু দালিত স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰা হ’ব। বাজেট দাখিল কৰি এই কথা কয় বিত্তমন্ত্ৰীগৰাকীয়ে। নিৰ্মলা সীতাৰমণে বিহাৰত বাটাৰ ব’ৰ্ড গঠন কৰা হ’ব বুলিও কয়। লগতে ধন যোজনাৰ অধীনত ১.৭ কোটি কৃষকক সহায় কৰা হ’ব বুলিও তেওঁ কয়।
বাজেটত মধ্যবিত্ত শ্ৰেণীক অগ্ৰাধিকাৰ দিয়া হ’ব। কৃষক, মহিলা, আৰু ক্ষুদ্ৰ উদ্যোগৰ ওপৰত গুৰুত্ব দিয়া হ’ব। ৭০ শতাংশ মহিলা যাতে আৰ্থিক কাম-কাজত জড়িত হয় তাৰ প্ৰতি গুৰুত্ব দিয়া হ’ব। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক পাঁচ বছৰত আমাৰ উন্নয়নৰ সুযোগ আছে। বিদ্যুৎ, কৃষি, আৰু ক্ষুদ্ৰ উদ্যোগকে ধৰি ছটা খণ্ডত সংস্কাৰ কৰা হ’ব। লগতে ৰাজ্যৰ সৈতে হাতে হাত ধৰি উন্নয়নৰ কাম কৰা হ’ব বুলিও তেওঁ কয়।
মধ্যবিত্ত শ্ৰেণীৰ ওপৰত গুৰুত্ব দিয়ক। বাজেট দাখিলৰ আৰম্ভণিতে এই কথা কয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সংসদত বিৰোধীৰ ব্যাপক হুলস্থুল। তেওঁৰ ভাষাত “আমাৰ লক্ষ্য সকলোৰে বিকাশ।” “ভাৰতীয় অৰ্থনীতি বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে।”
সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ঘোষণা AI ছেক্টৰক উদগনি দিয়াৰ বাবে ৫০০ কোটি টকা ধাৰ্য।
বাজেটত অসমৰ বাবেও আছে ভাল খবৰ। নামৰূপ সাৰ কাৰখানাত স্থাপন হ’ব ইউৰিয়া প্রকল্প। বছৰি ১২.৭ লাখ মেট্রিক টন সাৰ উৎপাদনত গুৰুত্ব।
সংসদত বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ ঘোষণা। দাম কমিব ইলেকট্ৰিক সামগ্ৰীৰ LCD, LED টিভিৰ দাম হ্রাস পাব, দাম হ্রাস পাব মোবাইল ফোনৰ, চামৰাৰে নিৰ্মিত সামগ্ৰীৰ দাম হ্রাস পাব, হ্রাস পাব কাপোৰৰ দাম।