Breaking

ৰাজ্যিক সহযোগিতা দপ্তৰৰ মন্ত্ৰীসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

0 521

‘সমবায়ৰ উৎকৰ্ষৰ ক্ষেত্ৰত আমি এক অভিন্ন নীতি গ্ৰহণ কৰিব লাগিব’ অমিত শ্বাহ।কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা দপ্তৰৰ মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাজ্যিক সহযোগিতা মন্ত্ৰীসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰদান কৰে। সন্মিলনখনত সহযোগিতা ৰাজ্যমন্ত্ৰী বি এল বাৰ্মা আৰু ২১ খন ৰাজ্যৰ সমবায় মন্ত্ৰী তথা দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপালকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী মন্ত্ৰীগৰাকীয়ে কয় যে এই দুদিনীয়া সন্মিলনখনে অনাগত দিনত সমবায়সমূহক এই দেশত এক নতুন মাত্ৰা প্ৰদান কৰাত সহায়ক হ’ব। তেওঁ কয় ’ ভাৰতত সহযোগিতাৰ মনোভাবেৰে কাম কৰাটো এক পুৰণি ধাৰণা , কিন্তু যদি আমি কামৰ পদ্ধতি সময়মতে পৰিৱৰ্তন নকৰোঁ, তেন্তে ই পুৰণি হৈয়েই ৰ’ব আৰু সমবায় খণ্ডৰ উন্নয়নত ই অন্তৰায় হৈ পৰিব’। সমবায় খণ্ডক শক্তিশালী কৰাৰ সময় আহি পৰিছে বুলিও শ্বাহে তেওঁৰ ভাষণত কয়। শ্বাহে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ ৬ জুলাইত সহযোগিতা মন্ত্ৰালয় গঠন কৰিছিল আৰু প্ৰায় এবছৰৰ ভিতৰত মন্ত্ৰালয়ে সমবায়সমূহৰ সকলো সম্পৰ্কিত ক্ষেত্ৰত বহু কেইখন বৈঠক আৰু সন্মিলনৰ আয়োজন কৰিছে।

সহযোগিতা মুখ্যতঃ এটা ৰাজ্যিক বিষয় আৰু আমাৰ সংবিধানে সহযোগিতাৰ সকলো কাৰ্যকলাপ ৰাজ্যসমূহৰ ওপৰত এৰি দিছে। কিন্তু ভাৰতৰ দৰে বিশাল দেশত, সমগ্ৰ সমবায় আন্দোলনটোৱে একে পথ অনুসৰণ কৰিব লাগিব , ইয়াৰ বাবে, সকলো ৰাজ্যই এই বিষয়ে তেওঁলোকৰ উমৈহতীয়া কাৰ্যপন্থা নিৰ্ধাৰণ কৰিব লাগিব।অমিত শ্বাহে কয় যে সমবায় খণ্ডক শক্তিশালী কৰিবলৈ মোদীৰ চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে। তেওঁ ৰাজ্যসমূহৰ সমবায় মন্ত্ৰীসকলক কয় যে আমি সকলোৱে একেলগে সমবায়ত টীম ইণ্ডিয়াৰ মনোভাৱ গঢ়ি তুলিব লাগিব । যদি আমি যোৱা এশ পঞ্চাশ বছৰৰ সমবায়ৰ ইতিহাসলৈ চাওঁ তেন্তে দেখা পাম যে সমবায়সমূহে ভাৰতৰ অৰ্থনীতিত যথেষ্ট অৱদান আগবঢ়াইছে । সমবায়ৰ উন্নয়নে নৰেন্দ্ৰ মোদীৰ ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ সপোনত এক ডাঙৰ অৱদান আগবঢ়াব বুলিও তেওঁ কয় । উল্লেখ্য দেশত বৰ্তমান প্ৰায় ৮.৫ লাখ সমবায় গোট আছে। ইয়াৰ ভিতৰত সমবায়বোৰে কৃষি বিত্ত , আৰু কৃষি সম্পৰ্কীয় সকলো ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে। ১.৫ লাখ দুগ্ধ জাত আৰু গৃহ নিৰ্মাণ সমিতি, ৯৭ হাজাৰ পিএচিএছ আৰু ৪৬ হাজাৰ মৌ পালন সমবায় সমিতি আছে। দেশত ২৬ হাজাৰ উপভোক্তা সমিতি, বহুতো মীন সমবায় আৰু সমবায় চেনী কলো আছে। দেশৰ ৫১ শতাংশ গাঁৱৰ ৯৪ শতাংশ কৃষক কিবা নহয় কিবা প্ৰকাৰে সমবায়ৰ সৈতে জড়িত। দেশৰ অৰ্থনীতিত সমবায়ৰ অৱদানো বৃহৎ।

সমবায় খণ্ডই দেশৰ মুঠ কৃষি ঋণৰ ২০ শতাংশ, সাৰ বিতৰণৰ ৩৫ শতাংশ পৰিচালনা কৰি আহিছে। সাৰ উৎপাদনৰ ক্ষেত্ৰত সমবায়ে ২৫ শতাংশ, চেনী উৎপাদনত ৩১ শতাংশ, গাখীৰ উৎপাদনত ১০ শতাংশতকৈ অধিক, ঘেঁহু সংগ্ৰহৰ ক্ষেত্ৰত সমবায় খণ্ডৰ ১৩ শতাংশৰো অধিক অৱদান আছে। মাছমৰীয়াসকলৰ ক্ষেত্ৰতো ২১ শতাংশতকৈও অধিক ব্যৱসায় সমবায় সমিতিয়ে কৰে। অমিত শ্বাহে কয় যে সমবায়ৰ ক্ষেত্ৰত আমি এক অভিন্ন নীতি গ্ৰহণ কৰিব লাগিব। প্ৰতিখন ৰাজ্যৰ সমবায় বিভাগে একে পথ আৰু একে বিষয় অনুসৰণ কৰা উচিত বুলিও তেওঁ কয়। তেওঁ কয় ’যদি আমি সমবায় খণ্ডলৈ লক্ষ্য কৰোঁ, আমি দেশৰ সমবায়ৰ তিনিটা অংশ দেখিবলৈ পাওঁ । প্ৰথমতে, উন্নত ৰাজ্যবোৰ, যিবোৰ বেছিভাগ পশ্চিম আৰু দক্ষিণত আছে। দ্বিতীয়তে, মধ্য আৰু উত্তৰত থকা উন্নয়নশীল ৰাজ্যবোৰ। তৃতীয়তে, অনুন্নত ৰাজ্যবোৰ যিবোৰ পূব আৰু উত্তৰ-পূবত আছে’। তেওঁ কয় যে দেশৰ প্ৰতিখন ৰাজ্যতে সমবায় আন্দোলন সমানে চলিব লাগিব আৰু এয়া আমাৰ প্ৰচেষ্টা হ’ব লাগে। উল্লেখ্য সমবায় হৈছে একমাত্ৰ খণ্ড য’ত বহু লোকে একত্ৰিত হ’ব পাৰে আৰু নূন্যতম মূলধনৰ সৈতেও যথেষ্ট উন্নতি কৰিব পাৰে। গুজৰাটৰ আমূল ইয়াৰ এক উৎকৃষ্ট উদাহৰণ।

Leave A Reply

Your email address will not be published.