কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ দাবীঃ ২০২৪ৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন…

লোকসভা নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ’ব? বহুতৰে মনত এনে প্ৰশ্নৰ উদয় হৈ থকাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী তথা তেলেংগানা বিজেপিৰ সভাপতি জি কিষাণ ৰেড্ডীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ তাৰিখ সন্দৰ্ভত এক ডাঙৰ দাবী কৰিছে। ৰেড্ডীয়ে কৈছে যে লোকসভা নিৰ্বাচন ২০২৪ চনৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’ব। তেলেংগানাৰ ৰাজ্যিক সভাপতি ৰেড্ডীয়ে মেডক লোকসভাত দলৰ বিজয় সংকল্প যাত্ৰা নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে। । তেওঁ লোকসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ ভৱিষ্যতবাণীও কৰিছে। তেওঁ লগতে ভৱিষ্যতবাণী কৰে যে কংগ্ৰেছ শাসিত ৰাজ্য হিমাচল প্ৰদেশ, কৰ্ণাটক আৰু তেলেংগানাত বিজেপিয়ে কেইবা খনো আসন জিকিব।ৰেড্ডীয়ে দাবী কৰে যে বিজেপিয়ে হিমাচল প্ৰদেশত ৪ খন সংসদীয় আসন জিকিব। কৰ্ণাটকত বিজেপিয়ে ২৫ খন আসন জিকিব।


ইফালে লোকসভা নিৰ্বাচনৰ তাৰিখ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বহু বাৰ্তা ভাইৰেল হৈ পৰিছে। এইবুলি দাবী কৰা হৈছে যে লোকসভা নিৰ্বাচন ১৯ এপ্ৰিলত হ’ব। ভাৰতৰ নিৰ্বাচন আয়োগেও এনে ভুৱা খবৰৰ স্পষ্টীকৰণ দিছে। আয়োগে এনে বাৰ্তাসমূহক সম্পূৰ্ণৰূপে ভুৱা বুলি অভিহিত কৰিছে। আয়োগে এইবুলি কৈছে যে নিৰ্বাচনৰ সময়সূচী সংবাদমেলৰ জৰিয়তে ঘোষণা কৰা হয়। হোৱাটছএপ বাৰ্তাৰ জৰিয়তে কৰা নহয়।

Related Articles