Breaking

কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰাৰ শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন

0 16

ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু পথ পৰিবহণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হৰ্ষ মালহোত্ৰাই আজি বিয়লি নীলাচল পাহাৰৰ শক্তিপীঠ মা কামাখ্যা মন্দিৰ দৰ্শন কৰে ।

দুদিনীয়া চৰকাৰী কাৰ্য্যসূচীৰে ৰাজ্যখনলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক যাবতীয় পূজা অৰ্চনা কৰা কাৰ্যত সহযোগিতা কৰে কামাখ্যা দলৈ সমাজৰ বৰদেউৰী কৱীন্দ্ৰ প্ৰসাদ শৰ্মাই ।

পূজা অৰ্চনা কৰাৰ অন্ততঃ মন্ত্ৰীগৰাকীক দলৈ সমাজৰ কাৰ্যালয়ত কামাখ্যা মন্দিৰৰ যাৱতীয় পৰম্পৰাৰে আদৰণি জনোৱা হয়।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কাইলৈ পুৱাই পশ্চিম কাৰ্বি আংলং জিলালৈ গৈ তাত কেবাটাও চৰকাৰী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব আৰু তুলিৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি আংলং জিলা স্বায়িত্ব শাসিত পৰিষদৰ সৈতে মত বিনিময় কৰি জিলাখনত কেন্দ্ৰীয় আঁচনিৰ অধীনত ৰূপায়ণ হৈ থকা আঁচনি সমুহৰ পৰ্যালোচনা কৰিব।

উল্লেখ্য যে যোৱা জুন মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ এয়া হৈছে প্ৰথম অসম ভ্ৰমণ।

Leave A Reply

Your email address will not be published.