কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰীক সাক্ষাৎ অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ

ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডীক নতুম দিল্লীৰ কৰ্যালয়ত সাক্ষাৎ কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই। সাক্ষাৎকালত কেন্দ্ৰীয় চৰকাৰৰ প্ৰসাদ স্বদেশ দৰ্শন আচনিৰ অগ্ৰগতিৰ সম্পৰ্কত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে।

আলোচনাকালত কাজিৰঙাক আইকনিক টুৰিষ্ট চাইট হিচাপে অন্তভুক্তিকৰণ সম্পৰ্কত মন্ত্ৰীগৰাকীৰ সৈতে বিষদ আলোচনা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই সম্পৰ্কত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতে আলোচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে। উক্ত আলোচনাকালত ডনাৰ মন্ত্ৰালয়ৰ সচিব ই বি ভাস্কৰ আৰু পৰ্যটন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলো উপস্থিত থাকে।

Related Articles