Breaking

ডিব্ৰুগড়ত ৫২সংখ্যক অসম ৰাজ্যিক ভাৰোত্তোলন প্রতিযোগিতাৰ অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ অংশগ্রহণ” উঠি অহা চামৰ মাজত ভাৰোত্তোলনক জনপ্রিয় কৰি তোলাৰ লগতে প্ৰতিভাবান নতুন নতুন খেলুৱৈ জন্ম দিয়াৰ মানসেৰে তৃণমূল পৰ্যায়ৰ পৰাই ভাৰোত্তোলন প্রতিযোগিতা অনুষ্ঠিত কৰাটো অত্যন্ত প্রয়োজনীয়”: সৰ্বানন্দ সোণোৱাল

0 21

Sarbananda Sonowal participates State Weightlifting Championship in Dibrugarh

কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সর্বানন্দ সোণোৱালে ডিব্ৰুগড়ত অনুষ্ঠিত ৫২সংখ্যক অসম ৰাজ্যিক ভাৰোত্তোলন প্রতিযোগিতাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু প্ৰতিযোগীসকলক উৎসাহিত কৰে। ডিব্ৰুগড় জিলা ভাৰোত্তোলন সন্থাৰ সৌজন্যত, ডিব্ৰুগড় জিলা শৰীৰ চৰ্চা সন্থা আৰু অসমী সংঘৰ সহযোগত অসম ভাৰোত্তোলন সন্থাৰ তত্বাৱধানত ডিব্ৰুগড়ৰ মিলন নগৰস্থিত
বহুমুখী ইন্দোৰ ক্ৰীড়া প্ৰেক্ষাগৃহত চাৰিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত এই প্ৰতিযোগিতাৰ পৰাই ৰাষ্ট্ৰীয় খেলৰ বাবে ৰাজ্যিক দলটি নির্বাচন কৰা হ’ব।

Sarbananda Sonowal participates State Weightlifting Championship in Dibrugarh

অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “ভাৰোত্তোলন ~ ক্রীড়াক্ষেত্ৰৰ এক অবিচ্ছেদ্য অংগ। ভাৰোত্তোলনৰ যোগেদি আমাৰ খেলুৱৈসকলৰ প্ৰতিভা দেশে-বিদেশে জনাজাত হৈছে। উঠি অহা চামৰ মাজত এই খেলবিধক জনপ্ৰিয় কৰি তোলাৰ লগতে প্রতিভাবান নতুন নতুন খেলুৱৈ জন্ম দিয়াৰ মানসেৰে তৃণমূল পৰ্যায়ৰ পৰাই ভাৰোত্তোলন প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো অত্যন্ত প্রয়োজনীয়। ডিব্রুগড় জিলা ভাৰোত্তোলন সন্থাৰ উদ্যোগত ২৯, ৩০, ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ বহুমুখী ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত ৫২সংখ্যক অসম ৰাজ্যিক ভাৰোত্তোলন প্রতিযোগিতাই খেলুৱৈসকলক উজ্জীৱিত কৰাৰ লগতে প্ৰতিভা প্ৰদৰ্শনৰ এখন উপযুক্ত মঞ্চ প্ৰদান কৰিছে। সমগ্ৰ প্ৰতিযোগিতাখনিৰ সর্বাংগীণ সফলতা কামনা কৰি উদ্যোক্তাসকলৰ প্ৰচেষ্টাৰ শলাগ লৈছোঁ আৰু প্ৰতিযোগীসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

Sarbananda Sonowal participates State Weightlifting Championship in Dibrugarh

“মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদর্শনমর্মে আমি ক্রীড়ামন্ত্রী হৈ থকাৰ কালছোৱাত টার্গেট অলিম্পিক প’ডিয়াম স্কীম গ্রহণ কৰা হৈছিল, যিয়ে অলিম্পিকৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাক লক্ষ্য কৰি বিভিন্ন খেলৰ লগতে ভাৰোত্তোলনতো আমাৰ দেশৰ খেলুৱৈসকলক তৃণমূল পৰ্যায়ৰ পৰাই প্ৰশিক্ষণ দি বিশ্বমানৰ কৰি তোলাত গুৰুত্ব দিছিল। টকিঅ’ অলিম্পিক ২০২০ত মণিপুৰৰ মীৰাবাই চানুৱে দেশৰ হৈ প্ৰথমটো পদক ৰূপ অৰ্জন কৰিছিল এই ভাৰোত্তোলনতে, আনকি এইবাৰো তেখেতে দুর্দান্ত প্রদর্শন আগবঢ়াই একেবাৰে অন্তিম পৰ্যায়ত চতুৰ্থ স্থান দখল কৰি অলপৰ বাবেহে ব্ৰঞ্জৰ পদক জয়ৰ পৰা থমকি ৰয়। ভাৰোত্তোলনৰ বিশ্ব পৰ্যায়ত সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰাও খেলুৱৈৰ যথেষ্ট সম্ভাৱনা আছে। সেয়ে এই খেলত বিশেষকৈ গুৰুত্ব দিবলৈ ক্রীড়া উদ্যোক্তা তথা খেলুৱৈসকলক আহ্বান জনালোঁ। এই দিশত চৰকাৰে যাৱতীয় সকলো সহায়-সহযোগিতা আগবঢ়াই যাব।” – সোণোৱালে লগতে কয়।

Sarbananda Sonowal participates State Weightlifting Championship in Dibrugarh

সোণোৱালে লগতে কয়, “ক্রীড়া, সংস্কৃতি আৰু শিক্ষা- এই তিনি ক্ষেত্রক বিদ্যালয় পৰ্যায়ৰ পৰাই সমান্তৰালকৈ গুৰুত্ব দিব লাগে, তেহে একোটা প্ৰজন্মৰ সৰ্বাংগীণ উত্তৰণ আৰু মানসিক-শাৰীৰিক উৎকৰ্ষ সাধন হয়।”অনুষ্ঠানত লগতে উপস্থিত থাকে অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, উদযাপন সমিতিৰ সভাপতি দীপুৰঞ্জন মাক্ৰাৰী, ডিব্ৰুগড় পৌৰসভাৰ উপ-মেয়ৰ উজ্জ্বল ফুকন, ডিব্রুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অসম গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত
প্রমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল

আৰু পঢ়ক

http://মিঞা গানৰ গায়ক আলতাফ হুছেইনক আটক…

Leave A Reply

Your email address will not be published.